অসম

assam

By

Published : Feb 10, 2020, 6:11 AM IST

ETV Bharat / state

হোজাই জিলা সাহিত্য সভা মুকলি অধিৱেশনৰ সফল সামৰণি

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হোজাই জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনৰ সফল সামৰণি ৷ অনুষ্ঠানত উপস্থিত থাকে নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াকে ধৰি সম্পাদক যাদৱ শৰ্মা, প্ৰাক্তন সভাপতি ৰংবং তেৰাং ৷

হোজাই জিলা সাহিত্য সভা মুকলি অধিৱেশনৰ সফল সামৰণি
হোজাই জিলা সাহিত্য সভা মুকলি অধিৱেশনৰ সফল সামৰণি

হোজাই, 10 ফেব্ৰুৱাৰীঃ দেওবাৰে সামৰণি পৰে হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰ সাহিত্য ৰথী বেজবৰুৱা ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ অধিৱেশন । এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া , প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ লগতে প্ৰাক্তন সভাপতি ৰংবং তেৰাং ৷

হোজাই জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ অধিৱেশন

নৱ নিৰ্বাচিত সভাপতি আৰু সম্পাদকে নতুন বজাৰ স্থিত নামঘৰত সেৱা লোৱাৰ পিছতে গায়ন বায়নেৰে আদৰি লৈ যোৱা হয় ৷ পিছত অধিৱেশন স্থলীৰ প্ৰৱেশ গেটত বিভিন্নজনে সম্বৰ্ধনা জনায় সভাপতি আৰু সম্পাদকগৰাকীক । অধিৱেশনৰ মুকলি সভাত সভাপতি, সম্পাদকে ভাষণত ভাষা সংস্কৃতিক জীয়াই ৰখাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি ব্যক্ত কৰে । ইপিনে উক্ত সভাতে ৰংবং তেৰাংলৈ প্ৰদান কৰা হয় জিলা সাহিত্য সভাৰ প্ৰয়াত দুলাল শৰ্মা প্ৰজ্ঞা বঁটা ।

ABOUT THE AUTHOR

...view details