অসম

assam

ETV Bharat / state

হোজাইত মৃতদেহ উদ্ধাৰ - হোজাইৰ লামডিঙত মৃতদেহ উদ্ধাৰ

হোজাইৰ লামডিঙৰ লংকা নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ ৷

HOJAI DEAD BODY RECOVER
হোজাইত মৃতদেহ উদ্ধাৰ

By

Published : Dec 4, 2019, 10:35 AM IST

হোজাই, 4 ডিচেম্বৰ: হোজাই জিলাৰ লামডিংৰ নতুন বস্তিৰ লংকা নৈৰ জুৰিত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ | মৃত দেহটো সঞ্জয় পাত্ৰ নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে | ঘটনা অনুসৰি লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নতুন বস্তিৰ নিজ গৃহৰ পৰা যোৱা দেওৱাৰে সঞ্জয় নামৰ ব্যক্তিজন বজাৰ কৰিবলৈ বুলি নতুন বস্তিৰ বজাৰলৈ গৈছিল | দেওবাৰে বজাৰলৈ অহাৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জয় | পৰিয়ালৰ লোকে দুদিন ধৰি আত্মীয়,গাঁৱৰ ওচৰৰ জংঘলত,বিচাৰ খোচাৰ কৰিছিল যদিও মঙলবাৰে পুৱাৰ ভাগতহে সঞ্জয়ৰ মৃতদেহটো লংকাজান নৈৰ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে | পিচত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে |

হোজাইত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details