হােজাই , ২৪ ডিচেম্বৰ :হােজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কার্যালয়ত বৃহস্পতিবাৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ এক গুৰত্বপূর্ণ সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে জিলা দুর্য্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ জিলা প্রকল্প বিষয়া হিমপর্ণা কলিতাই এক পাৱাৰ পইন্ট প্রেজেন্টেচনৰ জৰিয়তে জিলাখনত ২০২০ চনত হােৱা তৃতীয় আৰু চতুর্থটো বান আৰু ধুমুহাৰ ফলত হােৱা ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰে ।
হোজাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ এক গুৰত্বপূর্ণ সভা সভাৰ আলােচনামর্মে হােজাইৰ যমুনা প্রকল্প এলেকা উন্নয়ন সংমণ্ডল, লােক নির্মাণ (পথ) বিভাগ, সমাজ কল্যাণ বিভাগ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বানপানী আৰু ধুমুহাৰ ফলত হােৱা ক্ষয় ক্ষতিৰ পুনঃ নির্মাণ আৰু সংস্কাৰৰ বাবে ২১টা প্ৰস্তাৱক অনুমােদন দিয়াৰ লগতে পৰৱৰ্তী পদক্ষেপৰ বাবে ৰাজ্যিক পৰ্য্যায়ৰ কমিটিলৈ প্ৰস্তাৱ সমুহ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
তাৰােপৰি ডবকা ৰাজহ চক্ৰৰ অধীনত বানপানীত বাসস্থানৰ হােৱা ক্ষয় ক্ষতিৰ বাবে ৬৯ টা পুনর্বাসন অনুদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সভাত ।
সভাত উপায়ুক্তই অনাগত দিনত প্রাকৃতিক দুৰ্যোগৰ ফলত হােৱা ক্ষয়ক্ষতিৰ খতিয়ান সমূহ ১৫ দিনৰ ভিতৰত জিলা দুর্য্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ ওচৰত জমা দিয়াৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক নির্দেশ দিয়ে ।
উক্ত সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ মূখ্য কাৰ্য্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৌৰি শংকৰ দাস, হােজাই, লংকা আৰু ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলৰ উপৰিও সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত থাকে । উল্লেখ্য যে কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাখনৰ সভাপতিত্বত কৰে উপায়ুক্ত ডাঃ চাদনেক সিঙে ।
লগতে পঢ়ক :শিলচৰৰ ৰাজপথত হাতত অস্ত্ৰ লৈ বজৰং দল, দুৰ্গা বাহিনীৰ শক্তি প্ৰদৰ্শন