অসম

assam

ETV Bharat / state

COVID Vaccination Amrit Mahotsava: হোজাইত ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ - হোজাইত কভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in Assam)। হোজাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত মুকলি এটা প্ৰতিষেধক কেন্দ্ৰ । হোজাই জিলাৰ সকলো নাগৰিককে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান উপায়ুক্তৰ ।

COVID Vaccination
হোজাইত ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ

By

Published : Jul 15, 2022, 7:16 PM IST

হোজাই,১৫ জুলাই :দেশত পুনৰ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid situation in India)। ইয়াৰ মাজতে আকৌ চৰকাৰে ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াও ক্ষীপ্ৰতৰ কৰি তুলিছে । এইবাৰ চৰকাৰে আৰম্ভ কৰিছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in India)।

হোজাইত ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ হিচাপে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে স্বাস্থ্য বিভাগে । ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তি যিসকলৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ ৬ মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে এই বুষ্টাৰ পালি ল'ব পাৰিব । অসমৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ।

হোজাই জিলাতো আৰম্ভ হৈছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ কাৰ্যসূচী । সমান্তৰালকৈ নীলবাগানৰ লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ কাৰ্যালয়ত হোজাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মুকলি কৰে এটা প্ৰতিষেধক কেন্দ্ৰ (Hojai DC inaugurates free booster dose vaccine centre)। প্ৰতিষেধক কেন্দ্ৰটো শুভ উদ্বোধন কৰে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে ৷

এই কেন্দ্ৰৰ জৰিয়তেও ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে বুষ্টাৰ পালি ল'ব পাৰিব । ইফালে হোজাই জিলাৰ সকলো নাগৰিককে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে যোগ্যসকলক বুষ্টাৰ পালি ল'বলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে ।

লগতে পঢ়ক :COVID Vaccination Amrit Mahotsava : শোণিতপুৰত এতিয়াও বহু স্বাস্থ্য কৰ্মীয়ে লোৱা নাই বুষ্টাৰ পালি

ABOUT THE AUTHOR

...view details