অসম

assam

ETV Bharat / state

ডবকাত একাংশ ৰাইজৰ উত্তাল প্ৰতিবাদ

হোজাই জিলাৰ অন্তৰ্গত ডবকাত এগৰাকী নাবালিকাৰ সৈতে এজন 60 বছৰীয়া বৃদ্ধৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ বিভাগীয় কৰ্তৃপক্ষক শ্বফিকুৰ ৰহমানৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ দাবী ৷ অন্যথা আগন্তুক দিনত জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

একাংশ ৰাইজৰ ওপৰত ভূৱা গোচৰ ৰুজু
হোজাই জিলাৰ অন্তৰ্গত ডবকাত তীব্ৰ প্ৰতিবাদ

By

Published : Dec 3, 2019, 12:00 AM IST

হোজাই, 2 ডিচেম্বৰ:হোজাই জিলাৰ অন্তৰ্গত ডবকাত এগৰাকী নাবালিকাৰ সৈতে এজন 60 বছৰীয়া বৃদ্ধৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ ডবকা থানাৰ অন্তৰ্গত নাম ডবকা গাঁৱৰ ৰাইজে ডবকা থানা মুৰ্দাবাদ, চিৰস্তাদাৰ শ্বফিকুৰ ৰহমান মুৰ্দাবাদ, হোজাই জিলা আৰক্ষী মুৰ্দাবাদ আদি শ্ল'গানেৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, আব্দুল্লা নামৰ 60 বছৰীয়া বৃদ্ধজনক ৰাইজে হাতে লোটে ধৰি উত্তম মাধ্যম শোধোৱাৰ লগতে ডবকা আৰক্ষীক চমজাই দিয়ে ৷ কিন্তু ডবকা থানাৰ চিৰস্তাদাৰ শ্বফিকুৰ ৰহমানৰ সৈতে থকা অভিযুক্তৰ ঘৰুৱা সম্পৰ্কৰ বাবে, অভিযুক্তজনে জামিনত মুক্তি পায় ৷ মুক্তি পায়েই শ্বফিকুৰ ৰহমানৰ লগত মিলি অভিযুক্তই একাংশ ৰাইজৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰে ৷

নাবালিকাৰ সৈতে এজন 60 বছৰীয়া বৃদ্ধৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

চিৰস্তাদাৰ শ্বফিকুৰ ৰহমানে নিজ ক্ষমতাৰ সুযোগ লৈ সম্বন্ধীয় অভিযুক্তক ৰক্ষণাবেক্ষণ দি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে স্থানীয় ৰাইজ একত্ৰিত হৈ বিভাগীয় কৰ্তৃপক্ষক শ্বফিকুৰ ৰহমানৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ দাবী জনায় ৷ অন্যথা আগন্তুক দিনত জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক:ৰাজ্যসভাত কাজিৰঙাৰ প্ৰসংগঃ হাইলেণ্ড নিৰ্মাণৰ দাবী

ABOUT THE AUTHOR

...view details