অসম

assam

ETV Bharat / state

ডবকাত জুৱা,তীৰ খেলৰ ৰমৰমীয়া বেহা;নিৰ্লিপ্ত ভূমিকাত আৰক্ষী প্ৰশাসন

ভয়ংকৰ জুৱা আৰু তীৰৰ কবলত হোজাই জিলাৰ ডবকা চহৰ ৷ চকু মুদা কুলিৰ ভাৱত জিলা প্ৰশাসন ৷

ডবকাত জুৱা আৰু তীৰ খেলৰ ৰমৰমীয়া বেহা

By

Published : Aug 23, 2019, 1:30 PM IST

হোজাই, 23 আগষ্ট: দিনক দিনে ডবকাত বৃদ্ধি পাইছে জুৱা আৰু তীৰ খেলৰ প্ৰকোপ ৷ জুৱা আৰু তীৰ খেলৰ এতিয়া ৰম্যভূমিত পৰিণত হৈছে ডবকা চহৰ ৷ দিন দুপৰতেই ৰাজহুৱা স্থানত নিৰ্ভয়ে চলি থাকে জুৱা-লটাৰীৰ ৰমৰমীয়া বেহা ৷ ইটিভি ভাৰতৰ গোপন অভিযানত ফাদিল হৈছে এই তথ্য ৷

ডবকাত জুৱা আৰু তীৰ খেলৰ ৰমৰমীয়া বেহা

ৰাইজৰ অভিযোগ অনুসৰি ডবকা আৰক্ষীক মেনেজ কৰি এক অসাধু চক্ৰই বহু দিনৰ পৰা চলাই আহিছে জুৱাৰ এই ৰমৰমীয়া বেহা যাৰ ফলতেই এতিয়া বৃহত্তৰ অঞ্চলটোত বৃদ্ধি পাইছে চুৰি, ডকাইতি, অপহৰণ, নাৰী নিৰ্যাতনৰ দৰে ঘটনাকে ধৰি বিভিন্ন ধৰণৰ জঘন্য অসমাজিক কাৰ্য ৷ লগতে এই বৃহৎ তীৰ আৰু জুৱা চক্ৰই নৱপ্ৰজন্মৰ জীৱনৰ প্ৰতিও কঢ়িয়াই আনিছে চৰম ভাবুকি ৷

ইমানৰ পাছতো ডবকা আৰক্ষীয়ে কি কাৰণত সকলো দেখিও নেদেখাৰ ভাও জুৰিছে তাক লৈ এতিয়া সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৃহত্তৰ ডবকাবাসী ৰাইজ তথা স্থানীয় মহিলা সকলৰ এতিয়া প্ৰশাসনৰ প্ৰতি এটাই অনুৰোধ, অতি শীঘ্ৰে বন্ধ কৰক জুৱা আৰু তীৰ খেলৰ এই অবৈধ বেহা ৷

ABOUT THE AUTHOR

...view details