হোজাই,৮ এপ্ৰিলঃ নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতে হঠাতে হোজাইৰ ডবকাত একাংশ লোকৰ বেংক একাউন্টত সোমাল হাজাৰ হাজাৰ টকা ৷ একাউন্টৰ গৰাকীয়ে টকাখিনি উলিওৱাৰ পূৰ্বেই বেংকৰ পৰিচালকে হৰলুকি কৰে অজ্ঞাত স্থানৰ পৰা সোমাৱা টকাখিনি । ইয়াৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই দেওবাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মুৰতাজা আহমেদৰ ঘৰ ঘেৰাও কৰে উত্তেজিত ৰাইজে। আনফালে ঘৰৰ পৰা পলায়ন কৰে পৰিচালকজনে । পাছত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হোজাইত আজৱ ঘটনাঃ গ্ৰাহকৰ অজ্ঞাতে একাউন্টত সোমাল ধন - অসম গ্ৰামীণ বিকাশ বেংক
হোজাইৰ ডবকাত একাংশ লোকৰ একাউন্টত অজ্ঞাত স্থানৰ পৰা হাজাৰ হাজাৰ টকা সোমাল আৰু ওলাল । বেংকৰ ক্ষুদ্ৰ শাখাৰ পৰিচালকে কৌশলেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ তৰিছে একাউন্টৰ গৰাকীয়ে
অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ অধিক লোকৰ এনে একাউন্টত যোৱা মাৰ্চ মাহৰ অন্তিম সপ্তাহত ১০,২০০ টকাকৈ সোমায় ৷ তাৰ পাছতে ডবকাত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মুৰতাজা আহমেদে কৌশলগত ভাৱে সকলো গ্ৰাহকৰ বেংক একাউন্ট সমূহ হস্তগত কৰে ৷ ইয়াৰোপৰি একাংশ লোকৰ হাতৰ আঙুলিৰ চাপ লৈ ধন আত্মসাত কৰাৰ অভিযোগো উত্থাপিত হৈছে পৰিচালকজনৰ বিৰুদ্ধে ৷ ইফালে একাংশ লোকে এই ধন এনেৰেগাৰ আঁচনিৰ অধীনৰ জবকাৰ্ডধাৰী শ্ৰমিকৰ বুলি দাবী কৰিছে যদিও ডবকা গাওঁ পঞ্চায়তৰ সভাপতি, কাউন্সিলৰে এই কথা অস্বীকাৰ কৰিছে ৷ একাউন্টৰ গৰাকীৰ উপৰিও চেলিমৰ বিৰুদ্ধে গোচৰ তৰিছে কৃষক মুক্তিৰ ডবকা আঞ্চলিক সমিতিয়ে । নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত ক'ৰ পৰা এনেদৰে ধন আহি সোমাল সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে ধৰা পৰিব ।