হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান - হোজাইৰ লংকাৰ ৰাজ ট্ৰেভেলচ নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়
হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান৷ৰাজ ট্ৰেভেলচ' নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়
হোজাই, 30 আগষ্টঃ হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান৷ হোজাইৰ লংকাৰ ৰাজ ট্ৰেভেলচ নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অবৈধ ভাৱে প্ৰস্তুত কৰি অহা হৈছিল ভুৱা ৰে'লৰ টিকট ৷ উক্ত খবৰ লাভ কৰিছিল ৰে'লৱে কৰ্তৃপক্ষই ৷ শুক্ৰবাৰে গোপন তথ্যৰ ভিত্তিত লামডিঙৰ পৰা অহা ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ ৬ জনীয়া দল সহ লংকা আৰক্ষীয়ে অভিযান চলাই বহু ভুৱা নথি পত্ৰ জব্দ কৰাৰ লগতে আটক কৰে গুৰপিত সিং নামৰ এজন লোকক৷ কিন্তু ট্ৰেভেলছ এজেন্সীটোৰ মূল স্বতাধিকাৰীজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়৷
TAGGED:
Hojai Crime branch raid