হোজাই জিলা, 3 জুনঃহোজাই জিলা প্ৰশাসনৰ ভয়ংকৰ কাণ্ডই চকু কপালত তুলিছে সচেতন মহলক । বহিঃ ৰাজ্যৰ পৰা অহা সাতজন যুৱকক স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেন্টাইন নকৰাকৈ ঘৰলৈ যাবলৈ দিলে প্ৰশাসনে ।
হোজাই জিলা প্ৰশাসনৰ ভয়ংকৰ কাণ্ড! - হোজাই জিলা প্ৰশাসনৰ ভয়ংকৰ কাণ্ড
স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেন্টাইন নকৰাকৈ ঘৰলৈ যাবলৈ দিলে বহিঃ ৰাজ্যৰ পৰা অহা সাতজন যুৱকক । মুম্বাইৰ পৰা যোৱা নিশা বিশেষ ৰেল যোগে আহিছিল যুৱক কেইজন ।
![হোজাই জিলা প্ৰশাসনৰ ভয়ংকৰ কাণ্ড! হোজাই জিলা প্ৰশাসনৰ ভয়ংকৰ কাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7463714-204-7463714-1591197649642.jpg)
হোজাই জিলা প্ৰশাসনৰ ভয়ংকৰ কাণ্ড
মুম্বাইৰ পৰা যোৱা নিশা বিশেষ ৰেল যোগে আহিছিল হোজাই জিলাৰ দুই নং ৰাম নগৰৰ সাত শ্ৰমিক ক্ৰমে মিছতাক আহমেদ, ইনজামুল হক, হিবজুল ইছলাম, মিছবা আলম, ফাৰুক মিঞা, হবিবুল ৰহমান আৰু নাজিৰ উদ্দিন ৷ বুধবাৰে তেওঁলোকক এখন বাছেৰে আনি নমাই থৈ যায় নিজ অঞ্চলত । তাকে দেখি গাঁৱৰ সচেতন ৰাইজ আৰু অভিভাৱকে যুৱক কেইজনক পুনৰ আৰক্ষীক গতাই দিয়ে ৷ হোজাই জিলা প্ৰশাসনৰ এনে কাণ্ডই সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷
স্বাস্থ্য পৰীক্ষা আৰু কোৱাইৰেন্টেন নকৰাকৈ ঘৰলৈ যাবলৈ দিলে বহিঃ ৰাজ্যৰ পৰা অহা সাতজন যুৱকক
লগতে চাওকঃ মাজুলী অফলামুখত উদ্ধাৰ মৃত বন্যহস্তী