হোজাই, 6 জানুৱাৰী :সমাগত ২০২১ বিধান সভা নিৰ্বাচন। আগন্তক নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালভাবে প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজতো দেখা গৈছে ব্যাপক তৎপৰতা। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হোজাই বিধানসভা সমষ্টিতো দেখা গৈছে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নিৰ্বাচনী কুচকাৱাজ। বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে হোজাই সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ দৌৰত আছে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে, যুৱ ব্যৱসায়ী দেৱব্ৰত সাহাকে ধৰি আন কেইবাজনো ব্যক্তি। ইয়াৰ মাজতে বুধবাৰে হোজাইৰ পূব ধনীৰাম পথাৰ গাঁওৰ সৌৰভী বিবাহ ভৱনত সমষ্টিটোৰ মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি, সম্পাদক আৰু কৰ্মীবৃন্দই এক অভিবৰ্তন অনুষ্ঠিত কৰি আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰে । লগতে প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ ভিতৰৰ দেৱব্ৰত সাহাক উপস্থিতসকলে সমৰ্থন জনায় আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ টিকট দেবু ওৰফে দেৱব্ৰত সাহাক প্ৰদান কৰাৰো দাবী জনায়।