অসম

assam

ETV Bharat / state

পাশৱিকঃ মাতৃয়ে হত্যা কৰিলে নিজ নৱজাত কন্যাক - কাকী আৰক্ষী

হোজাইত মাতৃয়ে হত্যা কৰে নিজ কন্যা সন্তানক ৷ হোজাইৰ কাকী আদৰ্শ গাঁৱৰ নিবাসী মাইনা বৰা নামৰ মহিলাগৰাকীয়ে সংঘটিত কৰিলে এই পৈশাচিক কাণ্ড ৷ স্বামীৰ এজাহাৰৰ ভিত্তিতেই কাকী আৰক্ষীয়ে আটক কৰে হত্যাকাৰী মাইনা বৰাক ।

Hojai Child Murdered By mother
পাশৱিকঃ মাতৃয়ে হত্যা কৰিলে সদ্য নৱজাত নিজ কন্যাক

By

Published : Jan 17, 2020, 8:08 PM IST

হোজাই,17 জানৱাৰীঃ হোজাইত সংঘটিত হ’ল পাশৱিক কাণ্ড ৷ মাতৃয়ে হত্যা কৰি পুতি থ’লে সদ্য নৱজাত কন্যা সন্তানক ৷ হোজাইৰ কাকী আদৰ্শ গাঁৱৰ নিবাসী মাইনা বৰা নামৰ মহিলাগৰাকীয়ে সংঘটিত কৰিলে পৈশাচিক কাণ্ড ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে মাইনা বৰা নামৰ মহিলাগৰাকীয়ে স্বামী বহিঃ ৰাজ্যত কৰ্ম কৰাৰ সুযোগ লৈ বহু দিনৰ পৰা আন পুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছিল।

পাশৱিকঃ মাতৃয়ে হত্যা কৰিলে সদ্য নৱজাত নিজ কন্যাক

এই অবৈধ সম্পৰ্কৰ ফলতে যোৱা 14 জানুৱাৰীত লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহিলাগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তান ৷ এই সন্তানটো জন্ম দিয়া খবৰ নিজ স্বামী তথা স্থানীয় ৰাইজে গম পোৱাৰ ভয়ত সন্তানটিক ভোগালী বিহুৰ দিনাই অৰ্থাৎ ১৫ জানুৱাৰীৰ দিনাই হত্যা কৰি ঘৰৰ পিছফালে পুতি থয় মাইনা বৰাই ।পিচত উক্ত ঘটনা সন্দৰ্ভত মাইনা বৰাৰ স্বামীয়ে গম পাই কাকী আৰক্ষী চকীত দাখিল কৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই কাকী আৰক্ষীয়ে আটক কৰে হত্যাকাৰী মাইনা বৰাক। আনহাতে আৰক্ষীৰ জেৰাত নিজ অবৈধ সম্পৰ্ক আৰু সন্তানটিক হত্যা কৰাৰ বিষয়ে মাইনা বৰাই নিজ মূখে স্বীকাৰ কৰে। ইয়াৰ পিচত মাইনা বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিতই ঘৰৰ পিছফালৰ পৰা মৃত সদ্যজাত কন্যা সন্তানটিক আৰক্ষীয়ে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে ।

আৰু পঢ়কঃবিগত এটা মাহে সন্ধানহীন কাকপথাৰৰ প্ৰিয়ংকা ভুমিজ

ABOUT THE AUTHOR

...view details