অসম

assam

ETV Bharat / state

হোজাইৰ লংকাত উদ্ধাৰ শিশু শ্ৰমিক - ৰোহিনা ৱাৰিছ

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু লংকা আৰক্ষীয়ে পাঞ্জাবী বস্থিৰ পৰা উদ্ধাৰ কৰে দহ বছৰীয়া শিশু শ্ৰমিক ৷ অৱতাৰ সিং নামৰ লোকজনৰ ঘৰত শিল,বালিৰ কাম কৰি থকা অৱস্থাতে উদ্ধাৰ হয় শিশু শ্ৰমিকগৰাকী ৷

HOJAI CHILD LABOUR RECOVERD BY D.L.S.A
হোজাইৰ লংকাত উদ্ধাৰ শিশু শ্ৰমিক

By

Published : May 18, 2020, 7:13 PM IST

হোজাই,18মেঃ যি সময়ত শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ণ কৰিছে, সেই সময়তে হোজাইৰ লংকাত আজি শিল,বালিৰ কাম কৰি থকা অৱস্থাত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ , চাইল্ড লাইন আৰু লংকা আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী দহ বছৰীয়া শিশু শ্ৰমিকক ৷ লংকাৰ পাঞ্জাবীবস্থিৰ অৱতাৰ সিঙে এই দহ বছৰীয়া শিশুটিক প্ৰলোভন দি নিজৰ ঘৰত বনকৰা কাম কৰাই আছিল ৷

হোজাইৰ লংকাত উদ্ধাৰ শিশু শ্ৰমিক

অকল ইমানেই নহয় শিশুটিক শিল বালি আদি কঢ়িওৱাৰ দৰে গুৰুতৰ কামো কৰিবলৈ বাধ্য ব্যৱহাৰ কৰাইছিল ৷ প্ৰায়েই এনেদৰে নিৰ্যাতন চলাই আহিছে শিশুটিক ৷ এক গোপন সুত্ৰৰ পম খেদি এই শিশু শ্ৰমিকগৰাকীৰ নাৰকীয় যাতনাৰ কথা গম পাই আজি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙে লংকা আৰক্ষীৰ সহায়ত শিশুটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে শিশুটিক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰি শিশুটিৰ পিতৃ মাতৃৰ লগত যোগাযোগ কৰা হব বুলি মন্তব্য কৰে প্ৰনিতা মৰাঙে৷

হোজাইৰ লংকাত উদ্ধাৰ শিশু শ্ৰমিক

ইতিমধ্যে শিশুটিৰ পৰিয়ালৰ লোকৰ লগত যোগাযোগ চলাই আছে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ এজন সমাজ সচেতন লোকৰ ঘৰত এইদৰে শিশুটিক বনকৰা কামত নিয়োগ কৰা ঘটনাই হোজাইত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ উদ্ধাৰ অভিযানত উপস্থিত থাকে হোজাই জিলা আইনীসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ,চাইল্ড লাইনৰ মিন্টু শৰ্মা আৰু লংকা আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশুটিক ৷


লগতে পঢ়কঃ অনুৰোধ ! আন্দোলন প্ৰত্যাহাৰ কৰকঃ কামাখ্যা প্ৰসাদ তাছা

ABOUT THE AUTHOR

...view details