অসম

assam

ETV Bharat / state

হোজাইত বিজেপি কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিকাণ্ড

কি উদ্দেশ্যত কাৰ্যালয়টো জ্বলালে সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হোজাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে বিজেপি কৰ্মী সকলে ।

হোজাইত বিজেপি কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিকাণ্ড

By

Published : Apr 14, 2019, 10:39 PM IST

হোজাই, ১৪ এপ্ৰিলঃ হোজাইত নগেন্দ্ৰ নগৰৰ ১নং ৱাৰ্ডত থকা বিজেপি নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ । বিৰোধীয়ে এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ বিজেপিকৰ্মীৰ ।

হোজাইত বিজেপি কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিকাণ্ড

উল্লেখ্য যে, বিধায়ক শিলাদিত্য দেৱৰ ঘৰৰ নগেন্দ্ৰ নগৰ ১ নং ৱাৰ্ডত থকা বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰে দুৰ্বিত্তই । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও কাৰ্যালয়টো জুইত সম্পূৰ্ণৰূপে জুইত জাহ যায়। আনহাতে এই ঘটনাটো বিৰোধীয়ে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিজেপি কৰ্মীয়ে । উক্ত ঘটনা সংক্ৰান্তত বিজেপি কৰ্মী সকলে ইতিমধ্যে এক গোচৰ তৰিছে । এতিয়ালৈ কোনে কি উদ্দেশ্যত কাৰ্যালয়টো অগ্নি সংযোগ কৰিলে সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হোজাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে বিজেপি কৰ্মী সকলে ।

ABOUT THE AUTHOR

...view details