অসম

assam

By

Published : Oct 15, 2019, 8:10 PM IST

ETV Bharat / state

লামডিংত বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

লামডিংত ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও সংসদীয় সমষ্টিৰ গান্ধী সংকল্প যাত্ৰা অনুষ্ঠিত কৰে মঙলবাৰে ৷ সংসদীয় সমষ্টিটোৰ লামডিং বিধানসভা সমষ্টিৰ বামুনগাঁও মণ্ডল সমিতিৰ ভালুকমাৰীস্থ কাৰ্যালয়ত পুৱা ১১-২০ বজাত এই যাত্ৰাৰ শুভাৰম্ভণী হয়।

লামডিংত বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

হোজাই,15 অক্টোবৰঃমহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ২ অক্টোবৰৰ পৰা অহা ৩০ অক্টোবৰলৈকে সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা বিজেপিৰ সংকল্প যাত্ৰাৰ অংশস্বৰূপে মঙলবাৰে নগাঁও সংসদীয় সমষ্টিটো এই যাত্ৰা আৰম্ভ কৰে নগাঁও,মৰিগাঁও আৰু হোজাইৰ তিনি বিজেপি জিলা সমিতিয়ে। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণি শৰ্মাই আনুষ্ঠানিক ভাৱে এই যাত্ৰাৰ শুভাৰম্ভণী কৰে। সংসদীয় সমষ্টিটোৰ লামডিং বিধানসভা সমষ্টিৰ বামুনগাঁও মণ্ডল সমিতিৰ ভালুকমাৰীস্থ কাৰ্যালয়ত পুৱা ১১-২০ বজাত এই যাত্ৰাৰ শুভাৰম্ভণী হয়। ভালুকমাৰীৰ ৫৪ নং চাৰিলেনযুক্ত ৰাজপথৰ পৰা ১নং কাকীলৈ পদব্ৰজে কৰা সংকল্প যাত্ৰাত তিনিওখন জিলা সমিতিৰ নেতৃত্ব,ৰাজ্যিক নেতৃত্বৰ লগতে চাৰিগৰাকী বিধায়ক ক্ৰমে ৰূপক শৰ্মা,শিলাদিত্য দেৱ,শিবু মিশ্ৰ,ডিম্বেশ্বৰ দাসে অংশ লয়।

নগাঁও সংসদীয় সমষ্টিত গান্ধী সংকল্প যাত্ৰা

ABOUT THE AUTHOR

...view details