অসম

assam

ETV Bharat / state

ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা

নতুন বজাৰ নামঘৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে হোজাইত ভাগৱত পাঠৰ এক শোভাযাত্ৰা

By

Published : Mar 21, 2019, 8:25 PM IST

ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা

হোজাই, 21 মাৰ্চ : বৃহস্পতিবাৰে ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা ৷ হোজাইৰ নতুন বজাৰ নামঘৰত ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনত ভাগৱত পাঠৰ এক শোভাযাত্ৰা উলিওৱা হয় ৷ ভক্তপ্ৰাণ ৰাইজে হৰিনামেৰে মুখৰিত কৰি তোলে সমগ্ৰ হোজাই জিলা ৷ এই শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ পুৰুষ-মহিলা সকলে অংশগ্ৰহণ কৰাৰ লগতে হৰিনামৰ তালে তালে সকলোৱে নাচি-বাগি ভক্তিৰসত মতলীয়া হৈ পৰে ৷ সকলোৱে আবিৰেৰেৰঙীন হৈ পৰাৰ উপৰিও জিলাখনৰ প্ৰতিঘৰে নিজ ঘৰৰ সন্মুখত চাকি-বন্তিও জ্বলাই ৷

ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা

ABOUT THE AUTHOR

...view details