হোজাই, 13 আগষ্ট : ৰাজ্যজুৰি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম উকীল সন্থাই ৷ ৰাজ্যৰ আন ঠাইৰ লগতে হোজাইতো প্ৰতিবাদত নামে জিলাখনৰ উকীল সন্থা ৷ লক্ ডাউনৰ বাবে 17 মাৰ্চৰ পৰা বন্ধ হৈ আছিল ৰাজ্যৰ আদালত সমূহৰ কাম-কাজ ৷ যাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল উকীল সকল ৷ পুনৰ আদালতৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে দাবী জনায় উকিল সন্থাই ৷
হোজাই জিলাত উকীল সন্থাৰ প্ৰতিবাদ - গুৱাহাটী উচ্চ ন্যায়ালয়
হোজাই শংকৰদেৱৰ নগৰত বৃহস্পতিবাৰে হোজাই জিলা উকীল সন্থাৰ প্ৰতিবাদ ।

HOJAI BAR ASSOCIATION PROTEST
হোজাই জিলাত উকীল সন্থাৰ প্ৰতিবাদ
জিলা উকীল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা অতিৰিক্ত ন্যায়ধীশৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
লগতে পঢ়ক :ফ্ল'ৰেন্স নাইটিংগেলৰ উক্তিৰে 110 তম মৃত্যু বাৰ্ষিকিত ইটিভি ভাৰতৰ স্মৰণ