হোজাই, 23 মাৰ্চঃ সমগ্ৰ বিশ্বত এতিয়া কৰ'ণাৰ আতংক। যি সময়ত চৰকাৰে দেশত কৰ'ণাক ৰোধ কৰাৰ বাবে যথেষ্ট ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে এনে সময়ত হোজাই জিলাৰ লামডিঙতো কৰ'ণা ভাইৰাছক লৈ হেতালি বা অৱহেলা কৰা পৰিলক্ষিত হৈছে। লামডিঙত বন্ধ পালন কৰা নাই জনসাধাৰণে ৷ যিসময়ত আসাম চেম্বাৰ অফ কমাৰ্চেব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছিল সেই সময়ত লামডিঙ চহৰত মুকলিকৈ চলিছে দোকান-বজাৰ ৷ অসম চেম্বাৰ কমাৰ্চৰ সৈতে সাংবাদিকৰ এটা দলেও বন্ধৰ ৰখাৰ বাবে দোকান বজাৰৰ ব্যৱসায়ী সকলক অনুৰোধ জনায় যদিও গুৰুত্ব প্ৰদান নকৰে লামডিঙৰ এইসকল ব্যৱসায়ী প্ৰতিষ্ঠানে ৷
কৰ'ণা ভাইৰাছকলৈ এতিয়াও সচেতন হোৱা নাই লামডিংবাসী - মাৰাত্মক কৰ'ণা ভাইৰাছ
মাৰাত্মক কৰ'ণা ভাইৰাছক এতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই হোজাই জিলাৰ লামডিঙৰ একাংশ লোকে ৷ বন্ধ পালন নকৰি মুকলিকৈ চলাই আছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ এইক্ষেত্ৰত নিজা ববীয়াকৈ লামডিঙৰ বিভিন্ন স্থানত সজাগত সভা আৰম্ভ কৰে লামডিং সমষ্টিৰ বিধায়ক, লামডিং প্ৰশাসন তথা লামডিং স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাকৰ্মী সকলে ৷

কৰ'ণা ভাইৰাছকলৈ এতিয়াও সচেতন হোৱা নাই লামডিংবাসী
কৰ'ণা ভাইৰাছকলৈ এতিয়াও সচেতন হোৱা নাই লামডিংবাসী
আনফালে সোমবাৰে ৰাইজক সজাগ কৰাৰ বাবে লামডিং বিধায়কৰ অভিনৱ পদক্ষেপ দেখিবলৈ পোৱা যায় । লামডিং সমষ্টিৰ বিধায়ক, লামডিং প্ৰশাসন তথা লামডিং স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাকৰ্মী সকলে নিজা ববীয়াকৈ লামডিঙৰ বিভিন্ন স্থানত সজাগত সভা আৰম্ভ কৰে ৷ বহিঃৰাজ্যৰ পৰা অহা যুৱক সকলৰ ঘৰত উপস্থিত হৈ ১৪ দিনৰ বাবে গৃহবন্দী হ'বলৈ আহ্বান জনায় আৰক্ষী-প্ৰশাসনে ৷ যদি প্ৰশাসনৰ নিৰ্দেশ নামানে তেনেহ'লে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি জনায় ।
লগতে পঢ়কঃৰাজপথত এয়া কিহৰ বিজয়উল্লাস !