হোজাই, 5 জুন :হোজাই জিলাৰ উদালীৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ এই ঘটনাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ শনিবাৰ পৰ্যন্ত অসম আৰক্ষীয়ে ঘটনাৰে জড়িত 28 জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷
বৃহস্পতিবাৰলৈকে আৰক্ষীয়ে 26 জনক গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে শনিবাৰে পুৱা চিকিৎসক নিগ্ৰহৰ উক্ত ঘটনাৰে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকো আটক কৰিছে ৷ শেহতীয়াভাৱে আটকাধীন দুজন ক্ৰমে, মুক্তাৰ আলী আৰু মৃত গেয়াস উদ্দীনৰ পত্নী গুল নেহাৰ ।
লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত আন দুজনক গ্ৰেপ্তাৰ আটকাধীন মুক্তাৰ আলীৰ ঘৰ লংকাৰ বৰদলৈ পথাৰত ৷ আনহাতে গুল নেহাৰক লস্কৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে । আটক কৰা দুজনক ইতিমধ্যে হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰোৱা হৈছে ।
উল্লেখ্য যে, বিগত 1 মে’ত গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসকৰ ওপৰত জঁপিয়াই পৰিছিল মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যাৰ পাছতে গুৰুতৰ ভাৱে আহত হৈছিল কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি ৷ এই ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক: কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?