অসম

assam

ETV Bharat / state

এতিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট - হোজাই জিলা প্ৰশাসন বাতৰি

এতিয়াৰে পৰা যান-বাহনৰ বাবে ইন্ধন ভৰাবলৈ গ’লে আপুনি গ্ৰহণ কৰিব লাগিব এপালি হ’লেও প্ৰতিষেধক ৷ হোজাই জিলা প্ৰশাসনে যান-বাহন চালক সকলৰ বাবে প্ৰযোজ্য কৰিছে এই নতুন নিয়ম ৷

as_hojai_01_30sep_vaccine_photo_10015
ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট

By

Published : Oct 1, 2021, 8:41 AM IST

Updated : Oct 1, 2021, 8:53 AM IST

হোজাই, 1 অক্টোবৰ : হোজাই জিলাত যান-বাহন চালক সকললৈ প্ৰশাসনৰ তৰফৰ পৰা নতুন নিৰ্দেশনা ৷ ইন্ধন ক্ৰয় কৰাৰ সময়ত চালকসকলে দেখুৱাব লাগিব এপালি হ’লেও ক’ভিড প্ৰতিশেষধক গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ ৷ বৃহস্পতিবাৰে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোজাই জিলা পথ সুৰক্ষা কমিটীৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট

এই সভাতেই উপায়ুক্ত গৰাকীয়ে দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা পৰিবহণ বিভাগৰ লগতে আৰক্ষীক যৌথভাৱে জিলাখনত তালাচী অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সভাত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, হেলমেট আৰু মাস্ক পৰিধান নকৰা দুচকীয়া বাহনৰ চালকসকলে ইন্ধন ক্ৰয় কৰিব নোৱাৰিব ৷

ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট

তাৰোপৰি সকলো ধৰণৰ যান-বাহনৰ চালকেই ইন্ধন ক্ৰয় কৰা সময়ত কমেও এপালি হ’লেও ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব ৷ এই সভাখনত উপস্থিত আছিল অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, জিলা পৰিবহণ বিষয়া তামচিন আফটাব, উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল ৷

ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট

লগতে পঢ়ক :শ্বেৰমান আলী ভাৰতীয় হয় নে নহয় সন্দেহ আছে বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ

Last Updated : Oct 1, 2021, 8:53 AM IST

ABOUT THE AUTHOR

...view details