হোজাই,১ অক্টোবৰ:কুঁৱলীৰ আচ্ছাদনৰে কহুৱাৰ সাজ পিন্ধি ধৰালৈ আহিল দেৱী দুৰ্গা । শাৰদীয় নৱৰাত্ৰিৰ আজি ষষ্ঠ দিন । অৰ্থাৎ আজি মহাষষ্ঠী(Durga Puja 2022) । হিন্দু পঞ্চাংগ অনুসৰি আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠ তিথিৰ এই দিনটোত দেৱী দূৰ্গাৰ ষষ্ঠ ৰূপ অৰ্থাৎ দেৱী কাত্যায়নী পূজা কৰা হয় আৰু ব্ৰত ৰখা হয় । দেৱী কাত্যায়নী সফলতা আৰু খ্যাতিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় । সন্ধিয়ালৈ বেলবোধনেৰে পাতত বহুৱাব দেৱী কাত্যায়নীক(Durga Puja Preparation in Assam) ।
মা দুৰ্গাক আদৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি । ভিন্ন আৰ্হিৰ পূজা মণ্ডপৰ লগতে পূজা সমিতিসমুহে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ । সুকলমে যাতে পূজা অনুষ্ঠিত হয় তাৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসন সষ্টম হৈ পৰিছে । হোজাইতো দেখা গৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি(Durga Puja Preparation at Hojai) । পূজাৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ সাজু হৈছে হোজাই জিলা প্ৰশাসন ।