হোজাই,17 মে': ৰাজ্যত কৰ'ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা ৷ দৈনিক হাজাৰ হাজাৰ লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে সষ্টম হৈ পৰিছে জিলা প্ৰশাসনসমূহ ৷ আন আন জিলাৰ লগতে নতুন নিৰ্দেশনাক লৈ অধিক তৎপৰ হোৱা দেখা গ'ল হোজাই জিলা প্ৰশাসনক ৷
শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিৰ্দেশনা অনুসৰি দিনৰ 11 বজাৰ পৰা বন্ধ হৈ পৰিল জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ তাৰোপৰি 12 বজাৰ লগে লগে বন্ধ হৈ থাকিল যান-বাহনৰ চলাচল ৷ হোজাই চহৰৰ লগতে লংকাতো দেখা গ'ল একেই দৃশ্য ৷ জৰুৰীকালীন সেৱাৰ বাহিৰে আন সকলো সেৱা বন্ধ হোৱা পৰিলক্ষিত হয় জিলাখনত ৷