হোজাই,5 নৱেম্বৰঃ বৃহস্পতিবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰত হোজাই জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
হোজাইত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট - অস্বাভাবিক মূল্য বৃদ্ধি
অত্যাবশ্যাকীয় সামগ্ৰীৰ অস্বাভাবিক মূল্য বৃদ্ধি দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।
![হোজাইত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট Hojai AAMSU Protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9443060-625-9443060-1604584561163.jpg)
হোজাইত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট
প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী হায় হায়, বিজেপি হায় হায়, আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷ ইপিনে হোজাই জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মৰকপত্ৰ প্ৰেৰণ সংগঠনটোৱে ৷
লগতে পঢ়কঃ নাওবৈচাত মূল্য বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ