হোজাই,13 মাৰ্চঃহোজাই থানাৰ অন্তৰ্গত দাঁড়িয়া বস্তিগাঁওত ২৭ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এক পৈশাচিক ঘটনা। অঞ্চলটোৰ ৫ বছৰীয়া ফুলকুমলীয়া কনমানিক একে গাঁওৰ চন্দন হৰিজনে বগৰী দিয়াৰ চলেৰে হাবিলৈ নি বলাৎকাৰ কৰি হত্যা কৰে। ইয়াৰ পিছত আৰক্ষীয়ে বলাৎকাৰী চন্দনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । ইপিনে হত্যাকাৰীক ফাঁচী আৰু ভুক্তভোগীক ন্যায় প্ৰদানৰ দাবীত হোজাইত এতিয়াও অব্যাহত আছে উত্তেজনা। এই লৈ ভুক্তভোগীৰ গৃহত মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষা গীত কামৰূপা উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ সংগঠনটোৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।লগতে দোষীক ফাঁচী দিয়াবলৈ সৰ্বোচ্চ ন্যায়ালয় পৰ্যন্ত যোৱাৰ উপৰি অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবক লগ কৰি অৱগত কৰা হ'ব বুলি ব্যক্ত কৰে। আনহাতে অসম চৰকাৰৰ বাজেটত বলাৎকাৰ অথবা বলাৎকাৰ কৰি হত্যা কৰা ভুক্তভোগী পৰিয়ালৰ বাবে কোনোধৰণৰ অনুদান নিৰ্ধাৰণ নকৰাত আক্ষেপ প্ৰকাশ কৰে অধ্যক্ষাই।
হোজাইত ৫ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা - অসমৰ অধ্যক্ষা গীত কামৰূপা
হোজাইত ৫ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰা বিষয়টো অনুসন্ধান কৰিলে মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষাই
হোজাইত ৫ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰা বিষয়টো অনুসন্ধান মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষাৰ
Last Updated : Mar 13, 2020, 12:12 PM IST