অসম

assam

ETV Bharat / state

পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই হ'ব প্ৰধানমন্ত্ৰীঃ শিলাদিত্য দেৱ

সংবাদ মাধ্যমৰ বিৰুদ্ধেও সৰৱ হোজাইৰ বিধায়কগৰাকী ৷ টিভি চাই ৰাইজে ভোট নিদিয়ে বুলি সংবাদ মাধ্যমক কটাক্ষ শিলাদিত্য দেৱৰ ৷

By

Published : Mar 28, 2019, 5:41 AM IST

পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই হ'ব প্ৰধানমন্ত্ৰীঃ শিলাদিত্য দেৱ

হোজাই, 28 মাৰ্চঃ "পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই হ'ব দেশৰ প্ৰধানমন্ত্ৰী ৷ একাংশ সংবাদ মাধ্যমে কেৱল খালী চকী বিচাৰি ফুৰে ৷ কিন্তু আজি এইখন সবাত এখনো চকী খালী নাই ৷ টিভি চাই ৰাইজে ভোট নিদিয়ে ৷" এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷

লংকাত নিৰ্বাচনী সভাত শিলাদিত্য দেৱ-ৰূপক শৰ্মা
বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ লংকাত প্ৰচাৰ চলাই এনেদৰে কয় বিধায়কগৰাকীয়ে ৷ বাংলা ভাষাত দিয়া ভাষণত বিজেপিৰ জয় নিশ্চিত বুলি কৈ বিজেপি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমকো আক্ৰমণৰ লক্ষ্য হিচাপে লয় ৷ ইপিনে প্ৰাৰ্থী ৰূপক শৰ্মাই তেওঁৰ বিজয় এশ শতাংশই নিশ্চিত বুলি কৈ বিগত পাঁচ বছৰত দেশৰ যিমান উন্নয়ন হৈছে, সেয়া কাহানিও হোৱা নাই বুলি কয় ৷ বিজেপিয়ে সৃষ্টি কৰা অভূতপূৰ্ব উন্নয়নৰ বাবে ৰাইজে বোট দিব বুলি ভাষণত উল্লেখ কৰে শৰ্মাই ৷

ABOUT THE AUTHOR

...view details