মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৰক্ষা এটি শিশু সহ মহিলা
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এটাৰ পিচত এটা অপৰাধজনিত ঘটনা | তেনে এক অপৰাধজনিত ঘটনা বুধবাৰে সংঘটিত হ'ল লংকা ৰে’ল ষ্টেচনত | মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটি শিশু সহ এগৰাকী মহিলা |
হোজাই 27 জুনঃ মানৱ সৰৱৰাহকাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটি শিশুসহ এগৰাকী মহিলা | মহিলাগৰাকীৰ নাম সংগীতা চক্ৰৱৰ্তী | ঘটনাৰ বিৱৰণী মতে বুধবাৰে সংগীতা চক্ৰৱৰ্তী নামৰ এগৰাকী মহিলাই সন্তান সহ লংকাৰ পৰা কামপুৰলৈ ৰে’ল যোগে যাবলৈ লংকা ৰে’ল ষ্টেচনলৈ আহিছিল | কথাৰ প্ৰসংগৰে দুই যুৱক কমৰুল ইছলাম আৰু ৰাজু আলীয়ে মহিলাগৰাকীৰ লগত অহা শিশুটোক ভাত খুৱাব বুলি প্ৰলোভন দি কৌশলগতভাৱে মহিলাগৰাকী আৰু শিশুটিক লংকা ৰে’ল ষ্টেচনৰ সমীপতে থকা এখন হোটেলত নি খোৱা বস্তুৰ লগত সুৰাপান কৰাই ডিমাপুৰলৈ নিবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ উপৰিও মহিলাগৰাকীক অপব্যৱহাৰ কৰিবলৈ উদ্যত হৈছিল ৷ স্থানীয় ৰাইজে উক্ত ঘটনা প্ৰত্যক্ষ কৰি দুই যুৱকক কৰায়ত্ত কৰি লংকা ৰে’ল আৰক্ষীক চমজাই দিয়ে | মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত ঘটনা উক্ত সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে | উক্ত এজাহাৰ ভিত্তিত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |