হোজাই, 1 ছেপ্তেম্বৰঃ ৮০০ বছৰীয়া ৰজাদিনীয়া কীৰ্তি চিহ্নৰে ভৰা এটি মন্দিৰ । বছৰ বছৰ ধৰি সংৰক্ষণৰ অভাৱত এতিয়া নিঃশেষ হৈ যোৱাৰ উপক্ৰম হৈছে মন্দিৰটো । হোজাই জিলাৰ ৰাজবাৰী পঞ্চায়তৰ অন্তৰ্গত এই মন্দিৰটোৰ নাম ন-নাথ শিৱ মন্দিৰ । এই ন-নাথ শিৱ মন্দিৰৰ সীমাতে আছে প্ৰায় ৮০০ বছৰ পুৰণি ৰজাদিনীয়া ৯ টাকৈ শিৱলিংগ ৷ কিন্তু উপযুক্ত সংৰক্ষণৰ অভাৱত দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে কীৰ্তিচিহ্ন সমূহ ।
সংৰক্ষণৰ অভাৱ জহি-খহি গৈছে 800 বছৰীয়া কীৰ্তিচিহ্ন - কীৰ্তিচিহ্ন
ৰজা দিনীয়া ঐতিহাসিক কীৰ্তিচিহ্নক চৰম অপমান ৷ সংৰক্ষণৰ অভাৱত পৰিত্যক্ত হৈ ৰৈছে ৮০০ বছৰীয়া কীৰ্তিচিহ্নসমূহ ৷
উল্লেখ্য যে, ন-নাথ মন্দিৰটোক প্ৰত্ন-তাত্বিক স্থান হিচাপে ঘোষণা কৰিয়েই পূৰ্বৰ চৰকাৰে সামৰিছিল দায়িত্ব ৷ ইয়াৰ পাছত আজিকোপতি বিজেপি চৰকাৰে গ্ৰহণ নকৰিলে কোনো যাৱতীয় ব্যৱস্থা । যাৰ বাবে জংঘলৰে আঁৱৰি ধৰিছে ৰজাদিনীয়া কীৰ্তিচিহ্ন সমূহ ৷ ফলত এফালৰ পৰা ধ্বংস হৈ গৈ আছে কৃতিচিহ্ন সমূহ ৷ সম্প্ৰতি অসম দৰ্শন আঁচনিৰ দ্বাৰা ন-নাথ মন্দিৰৰ লগতে ৯ টা শিৱ-লিংগক সংৰক্ষণ কৰি ঠাইখনক এখন পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ চৰকাৰক দাবী জনাইছে হোজাইৰ সচেতন মহলে ।
লগতে পঢ়ক-অসমৰ একমাত্ৰ কঠ উৎপাদিত গাঁওখন...