হোজাই,28 মাৰ্চঃ হোজাইৰ বিষ্ণুপল্লীত নিশা শিলাদিত্যক আক্ৰমণৰ অপচেষ্টা চলোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিষ্ণুপল্লী বিষ্ণুমন্দিৰত আয়োজিত দৌল উৎসৱ কাৰ্যসূচীৰ সাংস্কৃতিক মঞ্চ মুকলি কৰিবলৈ বিধায়ক শিলাদিত্য দেৱক আয়োজক সমিতিয়ে আমন্ত্ৰণ জনাইছিল ৷ নিশা কাৰ্যসূচীস্থলীত উপস্থিত হৈ শিলাদিত্য দেৱে নামঘৰত সেৱা জনোৱাৰ লগতে সাংস্কৃতিক মঞ্চ মুকলি কৰি উপভোগ কৰে সাংস্কৃতিক অনুষ্ঠান ।
সাংস্কৃতিক অনুষ্ঠানৰ শেষত ভিৰৰ মাজত আকস্মিকভাৱে যুৱকৰ এটা দলে শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা চলায় ৷ দেহৰক্ষী আৰু সমৰ্থকসকলৰ তৎপৰতাত বিধায়কগৰাকীক আঁতৰাই নিয়া হয় যদিও কিছু হতাহতি হোৱা দেখা যায় । লক্ষণীয় যে, উক্ত অনুষ্ঠানত শিলাদিত্য দেৱৰ উপস্থিতিক লৈ পুৱাৰ পৰা কিছু বিতৰ্কৰ সূত্ৰপাত ঘটা বুলিও ৰাইজৰ মুখে মুখে চর্চা চলিছে । ইপিনে ঘটনা সংক্ৰান্তত শিলাদিত্য দেৱে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দৌল উৎসৱ সমিতিক হোজাইৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ ভাতৃয়ে আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ পৰিৱেশ বেয়া কৰিলে প্ৰাৰ্থীৰ বাবে বেয়া বুলি মন্তব্য কৰি হোজাইত কোনেও অশান্তি কৰিব নোৱাৰিব বুলি শিলাদিত্যই হুংকাৰ প্ৰদান কৰে ।