লামডিঙত ষ্টেচনত মংগলবাৰে নিশা হাই এলাৰ্ট জাৰি - ETV BHARAT
সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকাত জাৰী কৰা হয় এই হাই এলাৰ্ট
হোজাই,29 মে': আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত বোমা বিশেষজ্ঞ ৰে'ল সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে নিশা লামডিং ষ্টেচনত যৌথ তালাচী চলায় ৷ লামডিং আৰু হোজাই ষ্টেচনত ৩০ তাৰিখৰ ভিতৰত যিকোনো মূহুৰ্ততেই সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে কূটাঘাত ৷ সেয়েহে লামডিং ষ্টেচনত ঘোষণা কৰা হয় হাই এলাৰ্ট ৷ লামডিং ষ্টেচনত হঠাৎ মঙলবাৰে নিশা আৰক্ষীৰ বৃহৎ এটা দলে ষ্টেচনৰ চৌদিশে তালাচী চলায় ৷ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ গোপন তথ্যৰ ভিত্তিত উগ্ৰপন্থীৰ টাৰ্গেটত আছে হোজাই আৰু লামডিং ষ্টেচন। এই তথ্য পোৱা মাত্ৰেই মঙলবাৰৰ নিশা হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নেতৃত্বত বোমা বিশেষজ্ঞৰ দল উপস্থিত হয় লামডিং চহৰত। আৰক্ষীৰ শীৰ্ষ বিষয়া,ৰে'ল সুৰক্ষা বাহিনী, চি আৰ পি এফ আৰু হোজাই প্ৰশাসনৰ বোমা বিশেষজ্ঞই যৌথভাৱে ষ্টেচনত তালাচী চলাই ৷ ইতিমধ্যে ষ্টেচনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে লামডিং চহৰৰ বিভিন্ন স্থানত আৰক্ষীৰ বৃহৎ দল এটা মোতায়েন কৰা হৈছে ৷ বৰ্তমানলৈ আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰা নাই কোনটো উগ্ৰপন্থী সংগঠনে টাৰ্গেট কৰিছে লামডিং তথা হোজাই ষ্টেচনক ৷ উল্লেখ যে বিগত কেইবাদিন ধৰি হোজাই জিলাক সন্ত্ৰাসবাদীয়ে কূটাঘাতৰ মূল লক্ষ্য হিচাপে বাছি লৈছিল কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বাবেই কোনো সংঘটিত কৰিব পৰা নাই যদিও আজি হঠাতে হাই এলাৰ্ট জাৰি কৰে প্ৰশাসনে ৷ ইপিনে ষ্টেচনত সন্দেহজনক ব্যক্তি আৰু সামগ্ৰী প্ৰত্যক্ষ কৰিলে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে ৰেল সুৰক্ষা বাহিনীৰ বিষয়াই ৷