অসম

assam

লংকাৰ বামুনগাঁৱত অসহায় অন্তঃসত্বা নাবালিকা উদ্ধাৰ

By

Published : Jul 18, 2020, 7:35 PM IST

লংকাৰ বামুনগাঁৱত অসহায় অন্তঃসত্বা নাবালিকা উদ্ধাৰ ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰে নাবালিকাগৰাকীক ৷

Helpless pregnant girl found in Bamungaon
লংকাৰ বামুনগাঁৱত অসহায় অন্তঃসত্বা নাবালিকা উদ্ধাৰ

হোজাই, 18 জুলাই : লংকাৰ বামুনগাঁৱত অসহায় অন্তসত্বা নাবালিকাক উদ্ধাৰ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশত S.O.P ৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ,নমিতা শৰ্মা,চাইল্ড লাইনৰ বন্দনা দাস,মনজিৎ দাস আৰু উদালী আৰক্ষীয়ে উদ্ধাৰ কৰে নাবালিকাগৰাকীক ৷

উল্লেখ্য যে,এজন যুৱকৰ অসৎ কাৰ্যৰ বলি হৈ অন্তঃসত্বা হৈছিল নাবালিকাগৰাকী ৷ নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ লগতে ভুক্তভোগী ক্ষতিপূৰণ আইনৰ জৰিয়তে অসহায় নাবালিকা গৰাকীয়ে ক্ষতিপূৰণ লাভ কৰাৰো ব্যৱস্থা হাতত লৈছে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷

লগতে পঢ়ক :বাঘজান কাণ্ড: 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ

ABOUT THE AUTHOR

...view details