হোজাই, 7 জুন : আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইত হেল্লো আজমল আঁচনি ৷ এটা ফোন কলতেই লাভ কৰিব খাদ্য সামগ্ৰী ৷ হোজাইৰ ক’ভিড আক্ৰান্তৰ বাবে এই বিশেষ সুবিধা আজমলৰ । সোমবাৰে আজমল চি এচ আৰৰ ন্যাসৰক্ষী চিৰাজুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড৹ খছৰুল ইছলামে আনুষ্ঠানিক ভাৱে আঁচনিখন উদ্বোধন কৰে । হেল্লো আজমল আঁচনিখনৰ জৰিয়তে কৰ’ণাত আক্ৰান্ত দৰিদ্ৰ ৰোগীসকললৈ আজমল চি এছ আৰৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব খাদ্য সামগ্ৰী ৷
এটা ফোন কলতেই আপুনি লাভ কৰিব খাদ্য সামগ্ৰী - covid affected family
আজমল ফাউণ্ডেচনৰ উদ্যোগত হেল্লো আজমল আঁচনি ৷ এটা ফোন কলতেই লাভ কৰিব খাদ্য সামগ্ৰী ৷ হোজাইৰ ক’ভিড আক্ৰান্তৰ বাবে এই বিশেষ সুবিধা আজমলৰ । এই আঁচনিৰ সুবিধা লবলৈ কৰ’ণাত আক্ৰান্ত ভুক্তভোগী পৰিয়ালে 9394746234 আৰু 9394891480 নম্বৰত ফোন কৰিব লাগিব ৷
খাদ্য বস্তুৰ লগতে চিকিৎসা সেৱাও আগবঢ়োৱা হ’ব আঁচনিখনৰ জৰিয়তে ৷ এই আঁচনিৰ সুবিধা লবলৈ কৰ’ণাত আক্ৰান্ত ভুক্তভোগী পৰিয়ালে 9394746234 আৰু 9394891480 নম্বৰত ফোন কৰিব লাগিব ৷ এই নম্বৰত ফোন কৰিলেই আজমল চি এচ আৰে প্ৰকৃত তথ্য পৰীক্ষা কৰাৰ অন্তত পৰিয়ালসমূহৰ ঘৰলৈ পঠিয়াব খাদ্য সামগ্ৰীৰ টোপোলা ৷ ইফালে দেওবাৰে কাকী তাৰালাংচুত হোজাই জিলা প্ৰশাসনে কৰা উচ্ছেদ কাৰ্যক চিৰাজুদ্দিন আজমলে তীব্ৰ গৰিহণা প্ৰদান কৰি অনাগত দিনত উচ্ছেদিত লোক সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷