হোজাই, 5 ছেপ্টেম্বৰ : হোজাই জিলাৰ শংকৰদেৱ নগৰত সোমবাৰে অসম গণ পৰিষদৰ এখনি চিন্তন বৈঠক অনুষ্ঠিত হয় । কিন্তু বৈঠকৰ মাজতেই লাগে অথন্তৰ ৷ পৰ্যবেক্ষকৰ উপস্থিতিতেই সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
অসম গণ পৰিষদৰ চিন্তন বৈঠকত উত্তপ্ত পৰিস্থিতি অসম গণ পৰিষদ দলে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ স্বাৰ্থত ৰাজ্যৰ ১৪ টা সংসদীয় সমষ্টিত সম্প্ৰতি আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ । ইয়াৰ অংশস্বৰূপে দেওবাৰে নগাঁও সংসদীয় সমষ্টিৰ হোজাইৰ শংকৰদেৱ নগৰত হোজাই জিলা অগপৰ এক চিন্তন বৈঠক অনুষ্ঠিত হয় । অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা নগাঁও সংসদীয় সমষ্টিৰ তত্বাৱধায়ক মণিমাধৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত জিলাখনৰ হোজাই, লামডিং, যমুনামুখ সমষ্টিৰ দলীয় কৰ্মীসকল উপস্থিত থাকে ।
কিন্তু দলীয় চিন্তন বৈঠকখনৰ মাজতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বৈঠকৰ মাজতে দলীয় নেতা-কৰ্মীৰ মাজত লাগে হুলস্থুল । পৰৰ্ৱতী সময়ত কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপত শাম কাটে পৰিস্থিতি । এই ঘটনাক তত্বাৱধায়ক মহন্তই ৰাজনৈতিক মঞ্চত দলীয় সংঘাত থাকেই বুলি মন্তব্য কৰি গা-এৰা দিয়ে ।
অসম গণ পৰিষদৰ চিন্তন বৈঠকত উত্তপ্ত পৰিস্থিতি আনহাতে, জিলাখনত এ আই ইউ ডি এফৰ হাতত থকা যমুনামুখ সমষ্টিৰ প্ৰসংগ উত্থাপন কৰি অগপৰ কেন্দ্ৰীয় সম্পাদক মণিমাধৱ মহন্তই জিলাখনৰ উন্নয়নৰ স্বাৰ্থত অনাগত সময়ত ডুবাইত থকা বিধায়কৰ সলনি সমষ্টিটোত দিছপুৰত থকা বিধায়ক নিৰ্বাচিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা বুলিও সদৰি কৰে ।
লগতে পঢ়ক :এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল