হোজাই, 22 জুন :হোজাইৰ ডবকাৰ আমবাৰীত ভেকচিন প্ৰদান কৰিবলৈ অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক মঙলবাৰে একাংশ উদণ্ড যুৱকে ভাবুকি দিয়া অভিযোগ উত্থাপন হৈছে ৷ চিকিৎসকক ভাবুকি দিয়া লোকৰ নামৰ লগত একাংশ ফেচবুক পেজ চলোৱা তথাকথিত সাংবাদিকৰ নামো জড়িত হৈছে ৷ ডবকাৰ আমবাৰী উপ স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷
যুৱকৰ দলটোৱে কেন্দ্ৰটোত ভেকচিন ল’বলৈ অহা লোকৰ শাৰীত ঠেলা-হেচা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ যুৱক কেইজনে শাৰী নাপাতি বলপূৰ্বকভাবে ভেকচিন ল’বলৈ চেষ্টা কৰাত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ বাধা প্ৰদান কৰে ৷ তেতিয়াই যুৱকৰ দলটোত থকা এজন ফেচবুক সাংবাদিকক মাতি আনি চিকিৎসা কৰ্মীসকলক ভাবুকি প্ৰদান কৰাৰ লগতে অশালীনভাৱে গালি গালাজ কৰি কৰ্তব্য পালনত বাধা দিয়ে ৷