হোজাই, 7 জুন : হোজাই জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ সেয়েহে জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ শনিবাৰে বিয়লি ভাগত উপস্থিত হ'ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ (ৰাজ্যিক) মন্ত্ৰী পিযুষ হাজৰিকা ৷ হোজাই জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্থানীয় বিধায়ক শিলাদিত্য দেৱ আৰু শিবু মিশ্ৰৰ উপস্থিতিত হোজাই জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু স্বাস্থ্য বিভাগৰ লগত COVID-১৯ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী শৰ্মাই ৷
হোজাই জিলাৰ শেহতীয়া পৰিস্থিতি বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - COVID-১৯ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক
হোজাই জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শংকৰদেৱ নগৰত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

হোজাই জিলা প্ৰশাসনে কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ বিষয়ে সভাত উপায়ুক্ত ডঃ সদনেক সিঙে বিতংভাবে অৱগত কৰে । কৰ’ণা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অধিক তৎপৰতা অৱলম্বনৰ কৰাৰ লগতে মাস্ক নিপিন্ধা ব্যক্তি সকলক জৰিমনা বিহিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী শৰ্মাই । তাৰোপৰি, কঠোৰভাৱে স্বাস্থ্য বিধিৰ নীতি-নিয়মসমূহ পালন কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে আৰু হোম কোৱাৰিনটিন ব্যৱস্থাটো যাতে সঠিকভাৱে ৰূপায়িত হয় তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে । হোজাই স্বাস্থ্য বিভাগত খালি হৈ থকা পদসমূহ অতি সোনকালে পূৰণৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷