অসম

assam

ETV Bharat / state

জোৰাপুখুৰীত OPD চেণ্টাৰ মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

জোৰাপুখুৰীস্থিত 200 বিচনাযুক্ত চিকিৎসালয়ৰ OPD চেণ্টাৰ মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সেই স্থানতে এক ৰাজহুৱা সভাত উপস্থিত হৈ কৰ'ণা সংক্ৰমণ সম্পৰ্কত মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷

জোৰাপুখুৰীত OPD চেণ্টাৰ মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জোৰাপুখুৰীত OPD চেণ্টাৰ মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Feb 23, 2021, 6:11 PM IST

হোজাই, 23 ফেব্ৰুৱাৰী : মঙলবাৰে জোৰাপুখুৰীস্থিত নৱনিৰ্মিত 200 বিচনাযুক্ত চিকিৎসালয়ৰ OPD চেণ্টাৰ মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই মুকলি অনুষ্ঠানৰ পাচতে জোৰাপুখুৰীত আয়োজিত বিজেপি দলৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

এই সভাত উপস্থিত থাকি কৰ'ণাৰ সংক্ৰমণ সম্পৰ্কত মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷ তেওঁ কয়, সোমবাৰে 14 আৰু দেওবাৰে 7 জন লোক কৰ'ণাত আক্ৰান্ত হৈছে গতিকে চিন্তাৰ কাৰণ নাই । প্ৰতিদিনে 3500 লোক আক্ৰান্ত হোৱাৰ সময়ত আমি লকডাউন দিয়া নাই । গতিকে 14 আৰু 7 জন আক্ৰান্ত হ'লে লক ডাউন নহয় ৷

জোৰাপুখুৰীত OPD চেণ্টাৰ মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ইপিনে নতুন ক'ভিড প্ৰটকলৰ একো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰাৰ লগতে আতংকিত নহ'বলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । এই ক্ষেত্ৰত কিবা প্ৰয়োজন থাকিলে জনাব বুলিও কয় মন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক :যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

ABOUT THE AUTHOR

...view details