হোজাই,9 মে’: হোজাই জিলাৰ ডবকাৰ বিভিন্ন প্ৰান্তত দেওবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ফলত ক্ষতিসাধন হয় । ডবকা চহৰৰ লগতে নীলবাগান, মোৰাঝাৰ, জয়নগৰ, চৌধুৰীবজাৰ আদি অঞ্চলতো ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলায় ৷ ডবকাৰ নীলবাগানত ধুমুহাই বহুকেইটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ জয়নগৰ আৰু তাৰকাটা অঞ্চলত বাগৰি পৰে প্ৰকাণ্ড গছ ৷ আনহাতে বিদ্যুতৰ খুটা বাগৰি পৰাত কথমপি প্ৰাণৰক্ষা পৰে একাংশ লোকৰ ৷
হোজাইৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ - Hojai
হোজাই জিলাৰ ডবকাৰ বিভিন্ন প্ৰান্তত দেওবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ফলত ক্ষতিসাধন হয় । ডবকা চহৰৰ লগতে নীলবাগান, মোৰাঝাৰ, জয়নগৰ, চৌধুৰীবজাৰ আদি অঞ্চলতো ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলায় ৷
![হোজাইৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ thunderstorm-in-hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11697405-thumbnail-3x2-hojai.jpg)
হোজাইৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ
একেদৰে হোজাইৰ ৰাইকাটা, কছাৰিগাঁও ,চন্দনপুৰ, কোমোৰাকাটা, ঠেপেলাগুৰি,বিষ্ণুপুৰ, আমতলা, নভঙা আদি অঞ্চলতো ক্ষতি সাধন কৰে ধুমুহাই ৷ অঞ্চলসমূহত বহুতো ঘৰ বাৰী, গছ গছনিৰ, লগতে ব্ৰয়লাৰ মুৰ্গীৰ ফাৰ্ম ,আনকি বিভিন্ন ঠাইত গছ বাগৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰে । যাৰ ফলত বিস্তৰ এলেকাত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে ৷
লগতে পঢ়ক: বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি