অসম

assam

ETV Bharat / state

শালবাগানৰ মাজেৰে নহয়; বিকল্প পথেৰেহে নিৰ্মাণ হ’ব ফ’ৰলেনযুক্ত পথ - শালবাগানৰ বিপৰীতে বিকল্প পথেৰেহে নিৰ্মাণ হ’ব ফ’ৰলেনযুক্ত পথ

অৱশেষত ৰক্ষা পৰিল ডবকা সংৰক্ষিত বনাঞ্চল (Dabaka Reserve Forest)ৰ 7 হাজাৰ জোপা মূল্যবান গছ ৷ কিয়নো শালবাগানৰ মাজেৰে নহয়, বিকল্প পথেৰেহে নিৰ্মাণ হ’ব ফ’ৰলেনযুক্ত পথ (Four Lane road across Dabaka) । উৎফুল্লিত প্ৰকৃতিপ্ৰেমী ৷

Dabaka Reserve Forest
শালবাগানৰ বিপৰীতে বিকল্প পথেৰেহে নিৰ্মাণ হ’ব ফ’ৰলেনযুক্ত পথ

By

Published : Dec 16, 2021, 1:55 PM IST

ডিফু, 16 ডিচেম্বৰ : অৱশেষত গা লৰিল চৰকাৰৰ ৷ শালবাগানৰ মাজেৰে নহয় ফ’ৰলেনযুক্ত পথ (Four Lane road across Dabaka) ৷ দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ প্ৰতি সহাঁৰি জনাইছে ৰাজ্য চৰকাৰে ৷ ডবকা সংৰক্ষিত বনাঞ্চল (Dabaka Reserve Forest)ৰ শালবাগানৰ মাজেৰে প্ৰায় 7 হাজাৰ জোপা গছ কাটি পথ নিৰ্মাণৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰিছিল এক পদক্ষেপ ৷

শালবাগানৰ মাজেৰে নহয়; বিকল্প পথেৰেহে নিৰ্মাণ হ’ব ফ’ৰলেনযুক্ত পথ

সেয়া বন্ধ কৰি সম্প্ৰতি বিকল্প স্থানেৰে পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ যাৰ বাবে ইতিমধ্যে বিকল্প ঠাইখন পৰিদৰ্শন কৰিছে বন বিভাগৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (National Highways Authority)ৰ বিষয়বৱীয়া সকলে ৷

উল্লেখ্য যে, ডবকা বনাঞ্চলৰ মাজেৰে প্ৰায় 7 হাজাৰ জোপা গছ কাটি পথ নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লোৱা পদক্ষেপৰ বিৰুদ্ধে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ পথ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ গছ কটাৰ বাবে বন বিভাগেও তৎপৰতা গ্ৰহণ কৰাৰ সময়তে ডবকাৰ শালবাগান সুৰক্ষাৰ দাবীত আমছুকে ধৰি বিভিন্ন দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ (Protest for save the Dabaka Reserve Forest) ৷

শালবাগানৰ মাজেৰে নহয়; বিকল্প পথেৰেহে নিৰ্মাণ হ’ব ফ’ৰলেনযুক্ত পথ

আনকি আমছুৰ নেতৃবৰ্গই কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী আৰু কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বনাঞ্চলখনৰ গছ কাটিলে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰিছিল ৷ দল-সংগঠনৰ প্ৰতিবাদৰ পিছতেই ভাৰত চৰকাৰৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ হৈ এজনীয়া প্ৰতিনিধিৰ লগতে Deputy Inspector General of Forestry(C) আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসহ বুধবাৰে ডবকাত উপস্থিত হৈ আমছুৰ নেতৃবৃন্দক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ৷

এই বৈঠকতেই শালবাগানৰ মাজেৰে পথ নিৰ্মাণ কৰাৰ বিপৰীতে, বিকল্প পথেৰেহে ফ’ৰলেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে ৷ বন বিভাগ তথা চৰকাৰৰ এই বাতৰিয়ে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে আমছুকে ধৰি প্ৰকৃতি প্ৰেমিসকলক ৷

লগতে পঢ়ক :নিঃশেষ হৈ যাব নেকি ডবকা সংৰক্ষিত বনাঞ্চল ?

ABOUT THE AUTHOR

...view details