হোজাই, 9 নবেম্বৰ :প্ৰেমৰ নামত প্ৰতাৰণা, প্ৰৱঞ্চনা, ব্লেক মেইলিং এইবোৰ কোনো নতুন কথা নহয় ৷ নিতৌ এনেধৰণৰ অনেক ঘটনা সংঘটিত হৈ থাকে ৰাজ্যত ৷ এনেধৰণৰ ঘটনা ৰাজিৰ বিষয়ে প্ৰতি নিয়ত অৱগত হোৱাৰ পাচতো কিন্তু বহুতেই একে পথেৰে গতি কৰে ৷ যেতিয়া ভুক্তভোগী হৈ পৰে তেতিয়া তাৰে মাজৰ বহুতেই বাচি লয় আত্মহননৰ পথ ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাত ৷ প্ৰেমত পৰি প্ৰেমিকৰ হাতত ধৰ্ষিতা হ’ল এগৰাকী কলেজীয়া ছাত্ৰী ৷ ভাইৰেল হৈ পৰিল যুৱতী গৰাকীৰ আপত্তিজনক আলোক চিত্ৰ ৷ তাৰ পাচতে আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে ৷
ঘটনা অনুসৰি, লংকাৰ লাচিত পথাৰৰ নজৰুল হক নামৰ যুৱকজনে প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই এগৰাকী যুৱতীক ৷ লক্ ডাউনৰ সময়চোৱাত যুৱতীগৰাকীক লংকাৰ এখন হোটেললৈ নি বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে নজৰুলে ৷ কেৱল ইমানেই নহয়, যুৱকজনে কেমেৰাত আৱদ্ধ কৰে যুৱতীগৰাকীৰ নগ্ন ছবি ৷ পৰৱৰ্তী সময়ত সেই ফটো নজৰুলে হোৱাটচ্ এপ যোগে প্ৰেৰণ কৰে বিভিন্নজনলৈ ৷ এই কথা জানিব পাৰি সহায় বিচাৰি আইনৰ কাষ চাপে যুৱতী গৰাকী ৷ কিন্তু বৰ্তমানলৈকে কোনো সঁহাৰি নোপোৱাত বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে ৷