অসম

assam

ETV Bharat / state

ৰেলত গাঞ্জা কঢ়িয়াই নিয়া মহিলাসহ বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

এখন যাত্ৰীবাহী ৰেলৰ পৰা হোজাই ৰেল ষ্টেচনত উদ্ধাৰ কৰা হ’ল বৃহৎ পৰিমানৰ গাঞ্জা ৷ জানো আহক তিনি গৰাকী মহিলাই কৌশলেৰে কঢ়িয়াই নিয়া গাঞ্জা কেনেকৈ উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷

ganja-seized-in-hojai-train-station
গাঞ্জা কঢ়িয়াই নিয়া মহিলা সহ বৃহৎ পৰিমানৰ গাঞ্জা ৰেলত উদ্ধাৰ আৰক্ষীৰ

By

Published : Aug 19, 2021, 10:46 PM IST

হোজাই, 19 আগষ্ট : বৃহস্পতিবাৰে, হোজাই ৰেল ষ্টেচন( Hojai train staion )ত এখন যাত্ৰীবাহী ৰেলৰ পৰা জব্দ কৰা হ’ল বৃহৎ পৰিমানৰ গাঞ্জা( weed ) । বৃহস্পতিবাৰৰ সন্ধিয়া হোজাই ৰেল ষ্টেচনত এখন ৰেলৰ পৰা জব্দ কৰা হ’ল বৃহৎ পৰিমানৰ গাঞ্জা । বিশেষ সূত্ৰৰ পম খেদি হোজাই আৰক্ষী আৰু ৰেল আৰক্ষীয়ে নামনীমুৱা অবধ আছাম এক্সপ্ৰেছ( Abodh Assam express )ত যাত্ৰা কৰা তিনি গৰাকী মহিলাৰ পৰা জব্দ কৰে প্ৰায় ১৮ কেজি ৮০০গ্ৰাম গাঞ্জা ৷

আটকাধীন মহিলা কেইগৰাকীৰ নাম ক্ৰমে শকুন্তলা ৰাজবংশী, ৰুবি বিবি আৰু ৰানু দাস বুলি জানিব পৰা গৈছে ৷ মহিলা তিনি গৰাকীয়ে সৰুপথাৰ পৰা নিউ জলপাই গুৰিলৈ গাঞ্জা খিনি লৈ গৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । বৰ্তমান হোজাই আৰক্ষীয়ে তিনিও গৰাকী মহিলাক আটক কৰি হোজাই আৰক্ষী থানা( Hojai police station )ত জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, বিগত তিনিমাহ ধৰি অসম আৰক্ষীয়ে ড্ৰাগছ তথা অবৈধ নিচাযুক্ত সামগ্ৰী(illegal intoxicating elements)ৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাইছে ৷

গাঞ্জা কঢ়িয়াই নিয়া মহিলা সহ বৃহৎ পৰিমানৰ গাঞ্জা ৰেলত উদ্ধাৰ আৰক্ষীৰ

উল্লেখযোগ্য যে, বিগত তিনিমাহ ধৰি অসম আৰক্ষীয়ে ড্ৰাগছ তথা অবৈধ নিচাযুক্ত সামগ্ৰী(illegal intoxicating elements)ৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাইছে ৷ ইতিমধ্যে, অসম আৰক্ষীয়ে এই সন্দৰ্ভত অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হোৱা বুলি ৰাইজৰ সহাঁৰি লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma)ই ৰাজ্যৰ শাসন ভাৰ লাভ কৰাৰে পৰা আৰক্ষীয়ে এই সফলতা লাভ কৰা বুলিও ৰাইজৰ একাংশই মত পোষণ কৰিছে ৷

লগতে পঢ়ক :কাৰ্যালয়ত কৰ্মচাৰী নাই; মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা

ABOUT THE AUTHOR

...view details