অসম

assam

ETV Bharat / state

হোজাই আৰক্ষীৰ বৃহৎ সফলতা: ৪খন বাহনৰ পৰা উদ্ধাৰ ২৬ টা চোৰাং গৰু - Hojai Police seized four vehicle full of cows

নিতৌ ন ন কৌশলেৰে চোৰাং গৰু সৰবৰাহকাৰীয়ে চলাই গৈছে গৰুৰ সৰবৰাহ । ইফালে চোৰাং গৰুৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী(Police against smuggling of cattle) । চোৰাং সৰবৰাহকাৰীৰ প্ৰতিটো প্ৰচেষ্টাই ব্যৰ্থ কৰিবলৈ যেন সক্ষম অসম আৰক্ষী । শেহতীয়াকৈ হোজাইত আৰক্ষীৰ জাালত পৰিল চোৰাং গৰুসহ সৰবৰাহকাৰী(Smugglers trapped by police including cattle in Hojai)

four arrested with cattle in hojai
হোজাই আৰক্ষীৰ বৃহৎ সফলতা: ৪খন বাহনৰ পৰা উদ্ধাৰ ২৬ টা চোৰাং গৰু

By

Published : Jun 12, 2022, 2:29 PM IST

হোজাই,১২ জুন:গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Cattle Smuggling in Assam)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই আৰক্ষী তৎপৰ হৈ পৰিছিল গৰু ছিণ্ডিকেট বন্ধ কৰাত ৷ কিন্তু তাৰ মাজতে আৰক্ষীৰ নাকৰ তলেৰেই একাংশই নিতৌ ন ন কৌশলেৰে চলাই গৈছে চোৰাং সৰবৰাহ ।

গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত ৰাখিছে হোজাই আৰক্ষীয়ে । এইবাৰ হোজাই আৰক্ষীৰ জালত পৰিল চাৰিখনকৈ গৰুভৰ্তি টাটা ম'বাইল(Hojai Police seized four vehicle full of cows) । শনিবাৰে নিশা হোজাই আৰক্ষীয়ে অভিযান চলাই গৰু কঢ়িয়াই অনা চাৰিখনকৈ টাটা ম'বাইল জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰাংকৈ সৰবৰাহ কৰা ২৬ টাকৈ গৰু ।

হোজাই আৰক্ষীৰ বৃহৎ সফলতা: ৪খন বাহনৰ পৰা উদ্ধাৰ ২৬ টা চোৰাং গৰু

লংকাৰ খাৰিখানা বজাৰৰ সমীপৰ পৰা বাহনত গৰু উঠাই থকা অৱস্থাতে লংকা আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি বাহন কেইখন । লগতে উক্ত ঘটনাৰে জড়িত চাৰিজনক আটক কৰিছে লংকা আৰক্ষীয়ে । আটকাধীন লোককেইজন ক্ৰমে লংকাৰ কপিলীপাৰৰ ফকৰ উদ্দিন আৰু আজিজুৰ ৰহমান, খেৰণীৰ লাংমিপিৰ অৰুণ বে' আৰু মোৰাঝাৰৰ মঞ্জুৰ আহমেদ ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজা ববীয়াকৈ এক গোছৰ ৰুজু কৰি আৰম্ব কৰিছে তদন্ত । ২৬ টাকৈ গৰু সৰবৰাহকাৰীয়ে কলৈ সৰবৰাহ কৰিব বিচাৰিছিল তদন্তৰ পিছতহে পোহৰলৈ আহিব সম্পূৰ্ণ তথ্য । হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থ নিৰ্দেশনাত সদৰ আৰক্ষী আৰু লংকা আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান । জব্দকৃত বাহন কেইখনৰ নম্বৰ AS02 BC 8850,AS01 MC 0942,AS02 CC 3163, AS02CC 4128 ।

লগতে পঢ়ক:Miscreants attack businessman in kokrajhar: প্ৰাক্তন KLO সদস্যসহ দুজনক আটক

ABOUT THE AUTHOR

...view details