অসম

assam

ETV Bharat / state

হোজাই জিলাৰ কাকীত বন বিভাগৰ অভিযান - আঞ্চলিক বন বিষয়া কাৰ্য্যলয়

এক গোপন সূত্ৰৰ পম খেদি বন বিভাগে কাকীৰ শংকৰপুৰত চলালে এক গোপন অভিযান । অভিযানত বহু মুল্যৱান কাঠ উদ্ধাৰ হ'ল যদিও আটক কৰিলে নোৱাৰিলে এজনো কাঠৰ চোৰাং ব্যৱসায়ীক ।

forest-department-operation-at-kaki
হোজাই জিলাৰ কাকীত বন বিভাগৰ অভিযান

By

Published : Jul 20, 2020, 5:41 PM IST

লংকা, ২০ জুলাই: হোজাই জিলাৰ কাকীত বন বিভাগে চলালে এক অভিযান। অভিযানত কাকী শংকৰপুৰৰ পৰা জব্দ কৰা হ'ল বহু পৰিমাণৰ অবৈধ চেগুণ আৰু গমাৰি কাঠৰ কুণ্ডা। কাকী শংকৰপুৰৰ নাৰিকলি বস্তিৰ এক জংঘল সদৃশ অঞ্চলত কোনো অজ্ঞাত লোকে মজুত কৰি ৰাখিছিল এই অবৈধ কাঠৰ কুণ্ডা খিনি। কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হ'ব বুলি জনালে বন বিভাগে ।

হোজাই জিলাৰ কাকীত বন বিভাগৰ অভিযান

অৱশ্যে অভিযানটোত বন বিভাগৰ দলটোৱে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল । জব্দকৃত কাঠৰ কুণ্ডা খিনি লংকা আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ স্থানান্তৰিত কৰা হয় ।

লগতে চাওকঃ ৰক্তপাত আৰু ছদ্মাৰ বাবে বিকাশ ডুবেৰ মৃত্যু : মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট

ABOUT THE AUTHOR

...view details