হোজাই,২০ আগষ্ট :শেহতীয়াকৈ হোজাই জিলাৰ লংকাত খাদ্য বিষক্ৰিয়াৰ ফলত বহু লোক আক্ৰান্ত হৈছিল । কিন্তু সেই আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি হৈছে । যাৰ বাবে বৃহস্পতিবাৰে নিশা লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।
নতুনকৈ প্ৰায় ৪৫ গৰাকী লোক অসুস্থ হোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত । ইফালে ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে হাস্পতালত বিচনাৰ অভাৱ হৈ পৰে । যাৰ বাবে বহু ৰোগীয়ে মাটিতে শুই থাকিবলগীয়া পৰিৱেশৰ সূচনা হয় ।
উল্লেখ্য যে মঙলবাৰে লংকাৰ ৭ নং ৱাৰ্ডৰ বকুল চন্দ্ৰ দাসৰ ঘৰত মনসা পূজাৰ আয়োজন কৰা হৈছিল । পূজালৈ ৱাৰ্ডটোৰ লোকসকল গৈছিল আৰু পূজাত প্ৰসাদকে ধৰি আন খাদ্য সামগ্ৰীও গ্ৰহণ কৰিছিল । কিন্তু তাৰ পাছতে লোকসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে ।