হোজাই,17 জুন : ৰাজ্য়ত প্ৰতিদিনেই বিভিন্ন প্ৰান্তত ক’ভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ কোনো কোনো জিলাত বৰ্তমান কিছু পৰিমানে হ্ৰাস পাইছে যদিও বৰ্তমানো সম্পূৰ্ণ শেষ হোৱা নাই মহামাৰীৰ সংকট ৷
বৃহস্পতিবাৰে হোজাইৰ জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত দুখীয়া দৰিদ্ৰ লোকৰ মাজত খাদ্য-সামগ্ৰী,মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় । জিলাখনৰ হোজাই আৰু লামডিং সমষ্টিৰ 8 টা মণ্ডলৰ প্ৰায় দুহেজাৰটা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় এই খাদ্য সামগ্ৰী ।