অসম

assam

ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ সময়ত অন্নদাতা ৰূপত লংকাৰ ৰোহিত আগৰৱালা - OMPRAKASH PRAMILADEVI MEMORIAL TRUST

ক'ভিড পৰিস্থিতিৰ মাজত অন্নদাতাৰ ৰূপত দেখা হৈছে লংকাৰ ওমপ্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণী দাতব্য ন্যাসৰ অধ্যক্ষ ৰোহিত আগৰৱালাক । হোম কোৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকসকলক নিশাৰ আহাৰৰ লগতে লংকা পৌৰসভাৰ অন্তৰ্গত ৩ টা ভেকচিন প্ৰদান কেন্দ্ৰত নিয়োজিত হৈ থকা ক'ভিড যোদ্ধা সকলক দুপৰীয়াৰ লঘু আহাৰ তেওঁলোকৰ নিজ নিজ ভেকচিন কেন্দ্ৰতে যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰোহিত আগৰৱালাই ।

food distribution
ক'ভিড পৰিস্থিতিৰ সময়ত অন্নদাতা ৰূপত লংকাৰ ৰোহিত আগৰৱালা

By

Published : May 23, 2021, 3:01 PM IST

হোজাই, ২৩ মে':কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাত‌ বৰ্তমান মানৱ সমাজ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । মহামাৰীসৃষ্ট পৰিৱেশ নিৰ্মূল কৰাৰ বাবে প্ৰশাসনে আংশিক লকডাউনৰ ব্যৱস্থা কৰিছে আৰু এনে পৰিস্থিতিত ক'ভিড যোদ্ধা আৰু হোম কোৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকৰ কাষত থিয় দি মহানুভৱতাৰ পৰিচয় দিছে লংকাৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে । অন্নদাতা ৰূপত দেখা হৈছে লংকাৰ ওমপ্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণী দাতব্য ন্যাসৰ অধ্যক্ষ ৰোহিত আগৰৱালাক ।

উল্লেখ্য যে, হোম কোৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকসকলক নিশাৰ আহাৰৰ লগতে লংকা পৌৰসভাৰ অন্তৰ্গত ৩ টা ভেকচিন প্ৰদান কেন্দ্ৰত নিয়োজিত হৈ থকা ক'ভিড যোদ্ধা সকলক দুপৰীয়াৰ লঘু আহাৰ তেওঁলোকৰ নিজ নিজ ভেকচিন কেন্দ্ৰতে যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰোহিত আগৰৱালাই ।

ক'ভিড পৰিস্থিতিৰ সময়ত অন্নদাতা ৰূপত লংকাৰ ৰোহিত আগৰৱালা

যুৱ ব্যৱসায়ী তথা ন্যাসৰ অধ্যক্ষ ৰোহিত আগৰৱালাই জানিবলৈ দিয়া মতে ক'ভিডত আক্ৰান্ত হৈ যি সকল লোকে ঘৰতে আবদ্ধ হৈ আছে আহাৰ যোগাৰ কৰিবলৈ অসুবিধা অনুভৱ কৰিছে সেই সকল লোকে ৭৮৯৬৬০৩৬৪০ অথবা ৬০০১৬০৬৫৫৯ নম্বৰত দিনৰ ১ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত পোনপটীয়াকৈ যোগাযোগ কৰি পৰিয়ালৰ সদস্য আৰু ঠিকনা যোগান ধৰিলে ঘৰত বহিয়েই নিশাৰ আহাৰ লাভ কৰিবলৈ সক্ষম হ'ব ।

তদুপৰি, কোনো লোকে যদি প্ৰয়োজন হোৱা ঔষধৰো ব্যৱস্থা কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে সেইসকল লোকেও উক্ত নম্বৰ দুটাত হোৱাটছ এপ যোগে বা ফোন যোগে প্ৰেচক্ৰিপচনৰ ফটো দিলে ঔষধৰ যোগান ধৰিব বুলি জানিবলৈ দিয়ে ন্যাসৰ অধ্যক্ষ ৰোহিত আগৰৱালাই ।

ক'ভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ এনে সময়ছোৱাত যুৱ ব্যৱসায়ী তথা ন্যাসৰ অধ্যক্ষ ৰোহিত আগৰৱালাৰ এনে পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক:আমিনগাঁৱত অক্সিজেন পৰিবাহী ৰে’ল উপস্থিত: মুখ্যমন্ত্ৰীয়ে জনালে অভিবাদন

ABOUT THE AUTHOR

...view details