অসম

assam

ETV Bharat / state

বায়ু প্ৰদূষণ ৰোধৰ চেষ্টাঃ চাদত আৰম্ভ কৰিছে ফুলৰ খেতি - the aim of preventing air pollution

বায়ু প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্যৰে হোজাইৰ এজন লোকে হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷ নিজৰ ঘৰৰ চাদত ৮ হাজাৰ বৰ্গ ফুট ঠাইত লোকজনে আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ পাচলি আৰু ফুলৰ খেতি ৷

বায়ু প্ৰদূষণ ৰোধৰ বাবে হোজাইৰ এজন লোকে চাদত আৰম্ভ কৰিছে ফুলৰ খেতি
বায়ু প্ৰদূষণ ৰোধৰ বাবে হোজাইৰ এজন লোকে চাদত আৰম্ভ কৰিছে ফুলৰ খেতি

By

Published : Jan 18, 2021, 1:36 PM IST

Updated : Jan 18, 2021, 10:30 PM IST

হোজাই,18 জানুৱাৰী: হোজাইৰ এজন লোকে বায়ু প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্যৰে হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷ ধনীৰাম পথাৰ গাঁৱৰ প্ৰদীপ দেৱনাথ নামৰ লোকজনে নিজৰ চাদত আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ পাচলি আৰু ফুলৰ খেতি ৷ নিজৰ ঘৰৰ দ্বিতীয় মহলাৰ প্ৰায় ৮ হাজাৰ বৰ্গ ফুটৰ চাদত তিনি লাখ টকা ব্যয়ৰে আৰম্ভ কৰা খেতিয়ে দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজৰ ৷ লকডাউনৰ সময়ত আৰম্ভ কৰা এই খেতিয়ে ইতিমধ্যে ফল ধৰা আৰম্ভ কৰাত আকৰ্ষণীয় হৈ পৰা দৃশ্য আৰু পদ্ধতিবোৰ চাবলৈ নিতৌ সমাগম ঘটে বহু লোকৰ ৷

বায়ু প্ৰদূষণ ৰোধৰ বাবে হোজাইৰ এজন লোকে চাদত আৰম্ভ কৰিছে ফুলৰ খেতি

উল্লেখ্য যে,প্ৰদীপ দেৱনাথৰ চাদত ২৪ বিধ প্ৰজাতিৰ ফুল গছ,৩০ বিধ প্ৰজাতিৰ পাচলি আৰু ২৭ বিধ প্ৰজাতিৰ ফল মূলৰ গছ আছে ৷ ষ্ট্ৰবেৰী,ইলাচি,ছবেদা, ড্ৰেগণ,মৌচুমী,কমলা,পানী লাও,কুঁহিয়াৰ,নাৰিকল,বগৰী আৰু অন্যান্য বিভিন্ন প্ৰজাতিৰ ঔষধি গছ ৰোপণ কৰিছে প্ৰদীপ দেৱনাথে ৷ চাদৰ ওপৰত কৰা খেতি আৰু বাগিচাখন চোৱাচিতা আৰু পৰিষ্কাৰ পৰিচন্নকৈ ৰখাৰ বাবে স্থায়ীভাৱে নিয়োগ কৰিছে এজন শ্ৰমিকো।

বায়ু প্ৰদূষণ ৰোধৰ চেষ্টাঃ চাদত আৰম্ভ কৰিছে ফুলৰ খেতি


লগতে পঢ়ক:আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

Last Updated : Jan 18, 2021, 10:30 PM IST

ABOUT THE AUTHOR

...view details