অসম

assam

ETV Bharat / state

যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন ডবকা ৰাজহ চক্ৰ বিস্তীৰ্ণ অঞ্চল

অঞ্চলটোৰ বিস্তীৰ্ণ বাওঁ ধানৰ খেতি পানীত ডুব যোৱাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা পৰিলক্ষিত হৈছে কৃষক সকলে ৷ আনহাতে জীৱ-জন্তু লগতে মানুহৰ বাসস্থান অভাৱ হোৱা পৰিলক্ষিত হৈছে বানৰ কবলত পৰা অঞ্চলটোত ৷

By

Published : Jul 15, 2019, 4:52 AM IST

যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন ডবকা ৰাজহ চক্ৰ বিস্তীৰ্ণ অঞ্চল

যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন ডবকা ৰাজহ চক্ৰ বিস্তীৰ্ণ অঞ্চল

হোজাই, 15 জুলাই: ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি ৷ উজনি আৰু নামনি অসমৰ পিছত এইবাৰ বানে কালৰূপ ধাৰণ কৰিছে মধ্য অসমত । হোজাইৰ যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক জঙলব্লক বেদৌহাটী লগতে কেইবাখনো গাঁও । অঞ্চলটোৰ বিস্তীৰ্ণ বাওঁ ধানৰ খেতি পানীত ডুব যোৱাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা পৰিলক্ষিত হৈছে কৃষক সকলে ৷ আনহাতে জীৱ-জন্তু লগতে মানুহৰ বাসস্থান অভাৱ হোৱা পৰিলক্ষিত হৈছে বানৰ কবলত পৰা অঞ্চলটোত ৷ কোনো কোনো অঞ্চলত বানে দলং উটুৱাই নিয়াৰ ফলত হাহাকাৰ পৰিস্তিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত ৷ এই ক্ষেত্ৰত এতিয়াও চৰকাৰৰ ফালৰ পৰা লগতে যমুনামুখ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আব্দুৰ ৰহিম আজমলে কোনো খবৰ নলোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷

ABOUT THE AUTHOR

...view details