অসম

assam

ETV Bharat / state

চিকিৎসাকৰ্মীক শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰি পাঁচজন গ্ৰেপ্তাৰ - স্বাস্থ্যকৰ্মীক শিলগুটি নিক্ষেপ

কৰ্তব্যৰত চিকিৎসাকৰ্মীক লক্ষ্য কৰি শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ ৷ হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷ এই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পাঁচজন লোক ৷

health-workers-stoned-for-not-found-vaccine-in-hojai-etv-bharat-assam
হোজাইত ভেকচিন নোপোৱাৰ বাবেই স্বাস্থ্যকৰ্মীক শিলগুটি নিক্ষেপ

By

Published : Aug 8, 2021, 2:17 PM IST

হোজাই , 8 আগষ্ট: ভেকচিনৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত পাঁচজনকৈ অভিযুক্ত গ্ৰেপ্তাৰ ৷ শুকুৰবাৰে ভেকচিনৰ বাবে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ বাবে হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত হোজাই জিলা আৰক্ষীয়ে পাঁচজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

অভিযোগ অনুসৰি, উক্ত পাঁচ অভিযুক্তই ডাবলং স্বাস্থ্যকেন্দ্ৰত কৰ্তব্যৰত চিকিৎসাকৰ্মীক লক্ষ্য কৰি শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰিছিল । ওৰে নিশা লাইনত থাকিও ভেকচিন ল'বলৈ নাপাই 6 আগষ্ট তাৰিখে উক্ত লোককেইজনে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

হোজাইত ভেকচিন নোপোৱাৰ বাবেই স্বাস্থ্যকৰ্মীক শিলগুটি নিক্ষেপ

আটকাধীন লোক কেইজনৰ নাম ক্ৰমে, আজিবুৰ ৰহমান, হিবজুৰ হুছেইন, নিজাম উদ্দিন, দিলৱাৰা বেগম আৰু ছফিয়া বেগম । আটকাধীন লোককেইজনৰ ভিতৰত তিনিজন যুৱক আৰু দুগৰাকী মহিলাও আছে । আটকাধীন আটাইকেইজনকে লংকা আৰক্ষী থানাৰ পৰা দেওবাৰে শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰা হয় ।

ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইত স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰা ঘটনাৰ নজিৰ আছে ৷ বিগত জানুৱাৰী মাহত ডুমডুমা এফআৰইউ (FRU) ত চিকিৎসাকৰ্মীক আক্ৰমণ কৰে একাংশ লোকে ৷

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোকক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগত উত্তেজিত একাংশ লোকে আক্ৰমণ চলায় চিকিৎসালয়খনৰ চিকিৎসাকৰ্মীৰ ওপৰত ৷ ইয়াৰ বিপৰীতে চিকিৎসালয় খনত কৰ্তব্যৰত চিকিৎসকে জনোৱা অনুসৰি, লোকজনক মৃত অৱস্থাতে চিকিৎসালয়ৈ অনা হৈছিল ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়খনত ডুমডুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও একাংশ লোকে আৰক্ষীৰ সৈতেও তৰ্কত লিপ্ত হয় ৷

ইয়াৰ পূৰ্বে বিগত জুন মাহত হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হয় এক অঘটন ৷ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত কৰ্তব্যৰত অৱস্থাত থকাৰ সময়তে ডাঃ সেউজ সেনাপতিক একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছিল ৷ এই ঘটনা মাৰ নৌযাওতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে হোজাইত ৷

লগতে পঢ়ক:অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details