হোজাই,২২ জুনঃ হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত বনদস্যু আৰু বনকৰ্মীৰ মাজত গুলিয়াগুলী । শুকুৰবাৰে নিশা ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰা লালটিলা অঞ্চললৈ এটা বনদস্যুৰ দল অহাৰ খবৰ লাভ কৰে ডবকা আঞ্চলিক বন বিষয়াই । পাছত ডবকা আঞ্চলিক বন বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত এটি বৃহৎ বনকৰ্মীৰ দলে উক্ত এলেকাত অভিযান চলায় । বনকৰ্মী দলৰ উপস্থিতিৰ কথা গম পাই বনদস্যুৰ দলটোৱে বনকৰ্মীৰ দলটোলৈ উদ্দেশ্যি গুলীবৰ্ষণ কৰিবলৈ ধৰে । প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও বনদস্যুলৈ উদ্দেশ্যি তিনিজাঁই গুলী নিক্ষেপ কৰে যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ পলাই সাৰিবলৈ সক্ষম হয় বনদস্যুৰ দলটো ।
ডবকা সংৰক্ষিত বনাঞ্চলত বনকৰ্মী আৰু বনদস্যুৰ প্ৰচণ্ড গুলিয়াগুলী
বনদস্যু দলৰ পৰা জব্দ ১৫ টাকৈ চেগুন কাঠৰ কুণ্ডা
ডবকা সংৰক্ষিত বনাঞ্চলত বনকৰ্মী আৰু বনদস্যুৰ প্ৰচণ্ড গুলিয়াগুলী
অৱশ্যে, কোনো লোক হতা-হত নহ'ল এই গুলিয়াগুলীৰ ঘটনাত । পলাই যোৱা বনদস্যুৰ দলটোৱে এৰি যায় দুখন কুণ্ডাভৰ্তি টাটা মোবাইল । গাড়ী দুখনৰ পৰা বনকৰ্মী সকলে উদ্ধাৰ কৰে ১৫ টা চেগুন কাঠৰ কুণ্ডা । জব্দ কৰা গাড়ী দুখনৰ নম্বৰ ক্ৰমে AS ০২ AC ৪১৭৮ আৰু AS ০২ E ২৯৭২ । জব্দ কৰা চেগুন কাঠখিনিৰ মূল্য আনুমানিক দুই লাখ টকা হব বুলি ধাৰণা কৰিছে বন বিভাগৰ লোকে ।