হোজাই,২৬ ফেব্ৰুৱাৰী:হোজাই জিলাৰ লংকা পেটেল পট্টীত বিধ্বংসী অগ্নিকাণ্ড । ৩ নং ৱাৰ্ডত সংঘটিত এই অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি নি:শেষ । ৰাজ মহম্মদ নামৰ লোকজনে তেওঁৰ ৰান্ধনিঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ দাবী কৰিছে । গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ লোকজনৰ ।
হোজাইত বিধ্বংসী অগ্নিকাণ্ড - ৰাজ মহম্মদৰ ঘৰত জুইৰ সূত্ৰপাত
জিলাখনৰ পেটেল পট্টীৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰাজ মহম্মদৰ ঘৰত জুইৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডৰ ফলত জ্বলি নি:শেষ লোকজনৰ এটা বাসগৃহ ।
![হোজাইত বিধ্বংসী অগ্নিকাণ্ড হোজাইত বিধ্বংসী অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10785267-135-10785267-1614329683524.jpg)
হোজাইত বিধ্বংসী অগ্নিকাণ্ড
ৰাজ মহম্মদে জনোৱা মতে এই অগ্নিকাণ্ডৰ ফলত তেওঁৰ প্ৰায় ৭০ হাজাৰ টকাৰ সা-সম্পত্তি নষ্ট হয় । কথমপি ৰক্ষা পৰে তেওঁৰ পৰিয়ালটো । স্থানীয় লোকৰ উপস্থিতিত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।