হোজাই, 11 মাৰ্চঃহোজাই জিলা লংকাৰ প্ৰাথমিক চিকিৎসালয়ৰ সমীপত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে এখন ঔষধৰ বিপনী জাহ যোৱাৰ উপৰিও আংশিকভাবে ক্ষতিগ্ৰস্ত হয় আন এখন প্ৰসাধন সামগ্ৰীৰ দোকান । জুইত ঔষধৰ বিপনী খন সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ ফলত কেইবালক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় জনাই ভুক্তভোগীয়ে । ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া পাচত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
লংকাৰ বিধ্বংসী অগ্নিকাণ্ড, ক্ষতিগ্ৰস্থ লক্ষাধিক টকাৰ সা-সামগ্ৰী
হোজাই জিলা লংকাৰ প্ৰাথমিক চিকিৎসালয়ৰ সমীপত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় এখন ঔষধৰ বিপনী ৷
লংকাৰ বিধ্বংসী অগ্নিকাণ্ড, ক্ষতিগ্ৰস্থ লক্ষাধিক টকাৰ সা-সামগ্ৰী
বৰ্তমান পৰ্যন্ত ঘটনা সন্দৰ্ভত অগ্নিকাণ্ডৰ কাৰণ জানিব হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ অনুমান কৰিছে ৰাইজে । আনহাতে, কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি ব্যৱসায় প্ৰতিষ্ঠান খন জ্বলাই দিয়াৰ অভিযোগ কৰিছে দোকানৰ স্বতাধিকাৰীয়ে ৷
আৰু পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা