অসম

assam

By

Published : Dec 25, 2019, 6:25 PM IST

ETV Bharat / state

হোজাই লংকাত জুইত জাহ গ'ল ধান

কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত ৷

হোজাই
হোজাই লংকাত জুইত জাহ গ'ল ধান

হোজাই, 25 ডিচেম্বৰঃ হোজাই জিলা লংকা পাচভান্দাৰত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল ১৭ বিঘা খেতি মাটিৰ ধান । পথাৰৰ পৰা চপাই অনা ধানৰ মেজিত জুইৰ সূত্ৰপাত । কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত । আনহাতে, অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া পাচতো ঘটনাস্থলীত পলমকৈ অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ ।

হোজাই লংকাত জুইত জাহ গ'ল ধান

ABOUT THE AUTHOR

...view details